হায়দৰাবাদত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সভাত অথন্তৰ! সভাৰ মাজতে মাইক কাঢ়ি নিয়াৰ চেষ্টা এজনৰ…

অসমৰ মুখ্যমন্ত্ৰীৰ সভাত অথন্তৰ!

সভাৰ মাজতে মাইক কাঢ়ি নিয়াৰ চেষ্টা এজন লোকৰ।

হায়দৰাবাদত সংঘটিত হৈছে অবাঞ্ছিত ঘটনা।

হায়দৰাবাদত গণেশ উত্সৱৰ এক কাৰ্যসূচীত অংশ লৈছিল ড০ হিমন্ত বিশ্ব শৰ্মাই।

তেনে সময়তে মাইক কাঢ়ি নিয়াৰ চেষ্টা কৰে এগৰাকী ব্যক্তিয়ে।

ইতিমধ্যে হায়দৰাবাদ আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে যুৱকজনক।

আটক কৰা যুৱকজনক টি আৰ এছৰ সমৰ্থক বুলি চিনাক্ত।

উল্লেখ্য যে, সভাখনত মুখ্যমন্ত্ৰীৰ লগত আছিল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাও।