অচিৰেই নতুন ৰূপ পাব ত্ৰিপুৰাৰ এম বি বি বিমানবন্দৰ।
কেন্দ্ৰীয় চৰকাৰে এম বি বি বিমানবন্দৰৰ উন্নয়নৰ বাবে আগবঢ়াব ৪৯০ কোটি টকা।
নতুন দিল্লীত কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই এই কথা ঘোষণা কৰে।
কেন্দ্ৰীয় মন্ত্ৰী সিন্ধিয়াই তেওঁৰ মন্ত্ৰালয়ৰ ১০০ দিনৰ পৰিকল্পনাৰ বিষয়ে ব্যাখ্যা দাঙি ধৰাৰ সময়ত এই কথা প্ৰকাশ কৰে।
মন্ত্ৰীগৰাকীয়ে কয়- ‘আগৰতলাৰ এম বি বি বিমানবন্দৰৰ সামগ্ৰিক বিকাশৰ বাবে ৪৯০ কোটি টকা বিনিয়োগ কৰা হ’ব। বৰ্তমান বিমানবন্দৰটোত প্ৰতি ঘণ্টাত ৫০০ গৰাকী যাত্ৰীৰ বাবে সুবিধা উপলব্ধ। নতুনকৈ কেন্দ্ৰই ৪৯০ কোটি টকা আগবঢ়োৱাৰ পিছত প্ৰতি ঘণ্টাত ১২০০ গৰাকী যাত্ৰীক সেৱা আগবঢ়াৱ পৰা যাব।
এই নতুন বিনিয়োগৰ সৈতে এম বি বি বিমানবন্দৰৰ ক্ষমতা ২.৫ গুণ বৃদ্ধি কৰা হ’ব বুলিও সদৰি কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।
Tripura is marching ahead on the path of development under the able leadership of Hon. PM Shri @narendramodi Ji.
— Biplab Kumar Deb (@BjpBiplab) September 9, 2021
On behalf of 37lakh people of #Tripura extending warm gratitude to Civil Aviation Minister Sh. @JM_Scindia Ji for unveiling the up-gradation plan for Agartala Airport https://t.co/ws0eHWNr2J









