fbpx
অসম

অঘটন! বানৰ মাজত চেলফী উঠিবলৈ গৈ ঢৌত উটি গ’ল দুগৰাকীকৈ কিশোৰ…

ৰাজ্যত বানৰ সংহাৰৰ মাজতে এক অঘটন।

বানৰ মাজত চেলফী উঠিবলৈ গৈ ঢৌত উটি গ’ল দুগৰাকীকৈ কিশোৰ।

ৰঙিয়াৰ চেপ্তীত সংঘটিত হৈছে এই অঘটন।

SERS PUBLIC SCHOOL ৰ সন্মুখৰ পৰা পানীৰ ঢৌৱে উটুৱাই নিলে দশম শ্ৰেণীত অধ্যয়নৰত দুই কিশোৰক।

দুই কিশোৰ হৈছে জুমন দাস আৰু হেমেন দাস, ঘৰ- ৰঙিয়াৰ খুন্ধিয়া গাঁৱত।

ঘটনাৰ বিষয়ে খবৰ লাভৰ পাছতেই আৰক্ষীৰ লগতে ঘটনাস্থলীত উপস্থিত হৈছে SDRF-NDRF বাহিনী।

উদ্ধাৰ অভিযান আৰম্ভ কৰে যদিও, এতিয়ালৈ কোনো সন্ধান পোৱা নাই দুই কিশোৰৰ। তীব্ৰতৰ কৰি তুলিছে উদ্ধাৰকাৰ্য।

উল্লেখ্য যে, শনিবাৰেও একে ঠাইৰ পৰাই তিনি যুৱকক পানীৰ সোঁতে উটুৱাই নিছিল। অৱশ্যে সেই যুৱক তিনিজনৰ কোনোমতে প্ৰাণ ৰক্ষা পৰিছিল।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!