ভয়াৱহ বান পৰিস্থিতিঃ এইখন জিলাত ২২ জুনলৈ সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা…

ৰাজ্যত অব্যাহত আছে বলিয়া বানৰ সংহাৰী ৰূপ।

ভয়াৱহ বানৰ কবলত পৰিছে দৰং ।

যাৰ পৰিপেক্ষিতত দৰং জিলাত ২২ জুনলৈ সকলো শিক্ষানুষ্ঠান বন্ধৰ ঘোষণা কৰা হৈছে।

বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি তিনিদিন বৃদ্ধি কৰা হৈছে শিক্ষানুষ্ঠান বন্ধৰ দিন।

উল্লেখ্য যে, দৰং জিলাত কিছু কিছু অঞ্চলত বান কমিছে যদিও ন ন অঞ্চল প্লাবিত হৈছে বানত।

মঙলদৈ ঠেকেৰাবাৰী, ৰঙামাটীকে ধৰি ন ন অঞ্চলত বানৰ প্ৰকোপ বৃদ্ধি পাইছে।

উল্লেখ্য যে, ১৯ জুন ২০২২ ৰ পুৱা ভাগলৈকে ৰাজ্যৰ ৩২ খন জিলাৰ বানৰ কবলত আছে।

এইবাৰ প্ৰলয়ংকাৰী বানত চৰকাৰী সূত্ৰ অনুসৰি ১১৮ টা ৰাজহ চক্ৰৰ ৪২৯১ খন গাঁও প্লাৱিত হৈছে।