মন্ত্ৰী অতুল বৰাৰ কনভয় দুৰ্ঘটনাত পতিত, এজন পথচাৰীৰ মৃত্যু…

দুৰ্ঘটনাত পতিত মন্ত্ৰী অতুল বৰাৰ কনভয়।

নগাঁও জিলাৰ চামগুৰি তিনিআলিত ৰাজ্য চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰাৰ কনভয় দুৰ্ঘটনাগ্ৰস্ত।

দুৰ্ঘটনাটোৰ ফলত মৃত্যু হয় মানসপ্ৰতীম দাস নামৰ পথচাৰীজনক।

image 155
মন্ত্ৰী অতুল বৰাৰ কনভয় দুৰ্ঘটনাত পতিত, এজন পথচাৰীৰ মৃত্যু... 5

চামগুৰি হাইস্কুলৰ সন্মুখত মন্ত্ৰী অতুল বৰাৰ কনভয়ে মানসপ্ৰতীম দাসক মহতিয়াই নিয়ে।

দুৰ্ঘটনাটো সংঘটিত হোৱাৰ লগে লগে স্থানীয় ৰাইজৰ সহযোগত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত যুৱকজনক সংকটজনক অৱস্থাত নগাঁৱলৈ প্ৰেৰণ কৰে।

image 156
মন্ত্ৰী অতুল বৰাৰ কনভয় দুৰ্ঘটনাত পতিত, এজন পথচাৰীৰ মৃত্যু... 6

জানিব পৰা মতে এই কনভয়টো গুৱাহাটীৰ পৰা কলিয়াবৰলৈ আহি আছিল৷

এ এছ ২৫ ই চি ২০৯৩ নম্বৰৰ গাড়ী খনে নিয়ন্ত্ৰন হেৰুৱাই মানসপ্ৰতিমক খুন্দা মাৰে।

19 06 22 Samaguri Minister Atul Boras convoy rammed into pedestrians
Pix BY UB Photos

ফলত পথৰ কাষত বাগৰি পৰে মানস৷ গুৰুতৰ ভাবে আহত হোৱা মানসক লগে লগে নগাঁও অসামৰিক চিকিৎসালয়লৈ অনা হয় যদিও তেওঁৰ মৃত্যু হয় ৷

আনহাতে এই দুৰ্ঘটনাত কনভয়ৰ বাহনখনত থকা চাৰিজন আৰক্ষী কনিষ্টবলো আহত হয়৷

আহত আৰক্ষী কনিষ্টবল কেইজনৰ নাম হৈছে ভবেশ দাস, দীপক ৰাভা, নুৰিমণ আলি আৰু কল্যান পাঠক৷

লগতে চাওকঃ

…ময়াে যাম! আলফা (স্বাধীন)ত যােগদানৰ ইচ্ছা প্ৰকাশ কৰি গ্ৰেপ্তাৰ যুৱতী

G1 20
মন্ত্ৰী অতুল বৰাৰ কনভয় দুৰ্ঘটনাত পতিত, এজন পথচাৰীৰ মৃত্যু... 7