
নিউজ ডেস্কঃ কেন্দ্ৰীয় চৰকাৰৰ অগ্নিপথ আঁচনিৰ জৰিয়তে লাভাম্বিত হ’ব দেশৰ বিভিন্ন শিক্ষানুষ্ঠানত অধ্যয়ন কৰি থকা ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী (এনচিচি)ৰ কেডেট সকল। এই মন্তব্য কৰে এনচিচিৰ উত্তৰ পূব মণ্ডল সঞ্চালকালয়ৰ অতিৰিক্ত সঞ্চালক প্ৰধান মেজৰ জেনেৰেল ভাস্কৰ কলিতাৰ।
শুকুৰবাৰে গুৱাহাটীৰ নাৰেংগীস্থিত সেনা চাউনিত চলি থকা ৬০ আসাম এনচিচি গাৰ্লছ বেটেলিয়ানৰ সামূহিক বাৰ্ষিক প্ৰশিক্ষণ শিবিৰ পৰিদৰ্শন কৰি কেডেট সকলক সম্বোধন কৰি মেজৰ জেনেৰেল ভাস্কৰ কলিতাই কয় যে ভাৰত চৰকাৰে দেশৰ উঠি অহা নতুন প্ৰজন্মৰ যুৱক-যুৱতীসকলে যাতে নিজৰ দক্ষতা, যোগ্যতা, অভিজ্ঞতা অনুসৰি সামৰিক, অৰ্দ্ধ সামৰিক, কেন্দ্ৰীয় আৰক্ষী বাহিনী সমূহত যোগদান কৰি দেশমাতৃৰ সেৱা কৰিব পাৰে তাৰ বাবে বহু গৱেষণা, অধ্যয়নৰ যোগেদি কেবাটাও পৰিক্ৰমাৰ অন্ততহে ‘অগ্নিপথ’ আঁচনি প্ৰস্তুত কৰিছে।

এই আঁচনিখনৰ সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান জনাই এনচিচি কেডেট সকলক উদ্দেশ্যি মেজৰ জেনেৰেল ভাস্কৰ কলিতাই লগতে কয় যে অগ্নিপথ আঁচনিৰ জৰিয়তে দেশৰ বিভিন্ন শিক্ষানুষ্ঠানত অধ্যয়ন কৰি থকা এনচিচি কেডেটসকল অধিক লাভাম্বিত হ’ব।
পৰিদৰ্শন কালত কেডেট সকলৰ অভিবাদন গ্ৰহণ কৰি জেনেৰেল কলিতাই প্ৰশিক্ষণ কাৰ্যৰ বুজ লয়। কলিতাৰ এই পৰিদৰ্শন কালত তেওঁৰ সৈতে উপস্থিত থাকে এনচিচিৰ গুৱাহাটী গ্রুপৰ গ্ৰুপ কমাণ্ডাৰ ব্ৰিগেদিয়াৰ ডীনাৰ দিঘে, ৬০ আসাম গাৰ্লছ এনচিচি বেটেলিয়ানৰ কমাণ্ডিং অফিচাৰ কৰ্ণেল অনিল কুমাৰকে ধৰি কেবাজনো সহযোগী এনচিচি বিষয়া আৰু প্ৰশিক্ষক।

উল্লেখযোগ্য যোৱা ৩ জুলাইৰ পৰা আৰম্ভ হোৱা ৬০ আসাম এনচিচি গাৰ্লছ বেটেলিয়ানৰ সামূহিক বাৰ্ষিক প্ৰশিক্ষণ শিবিৰৰ সামৰণি পৰিব ১২ জুলাইত। এই শিবিৰত বিভিন্ন শিক্ষানুষ্ঠানৰ জুনিয়ৰ আৰু চিনিয়ৰ ডিভিজনৰ প্ৰায় ২৬০ গৰাকী কেডেটে অংশগ্ৰহণ কৰিছে।
শিবিৰত কেডেট সকলক দৈনিক যোগ, পেৰেড, শাৰীৰিক অনুশীলন, ৰাইফল চালনা, অগ্নিকাণ্ডৰ ঘটনা প্ৰতিৰোধ , ব্যক্তিত্ব বিকাশ, ধ্যান আদিৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। তেনেদৰে প্ৰতিদিনে সন্ধিয়া অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত কেডেট সকলে এনচিচি সংগীতৰ উপৰিও বিহুকে ধৰি নিজৰ নিজৰ জনগোষ্ঠীয় নৃত্য, গীত পৰিৱেশন কৰি আহিছে।