
নিউজ ডেস্ক। নানান সংস্কৃতি-পৰম্পৰাৰে বিনন্দীয়া দেশ ভাৰত। প্ৰতিটো জাতি-জনগোষ্ঠীৰ পৃথক ৰীতি-নীতি আৰু পৰম্পৰাই সমৃদ্ধ কৰিছে ভাৰতীয় সংস্কৃতিক।
তেনে এক পৰম্পৰাই শেহতীয়াকৈ দৃষ্টি আকৰ্ষণ কৰিছে অগণন ভাৰতীয়ৰ।
কৰ্ণাটকৰ কাটিল চহৰৰ প্ৰাচীন মন্দিৰ দুৰ্গাপৰমেশ্বৰী মন্দিৰত অতীজৰে পৰা অক্ষুণ্ণ ৰখা হৈছে এই পৰম্পৰা।

‘থুথেধাৰা’ বা ‘অগ্নি খেলি’ নামৰ প্ৰাচীন পৰম্পৰা অনুসৰি দুৰ্গাপৰমেশ্বৰী মন্দিৰৰ শ শ ভক্তই ইজনে সিজনৰ ওপৰত জলন্ত জুমুঠি নিক্ষেপ কৰে।
মাংগালুৰুৰ পৰা প্ৰায় 30 কিলোমিটাৰ দূৰত্বত অৱস্থিত কাটিলৰ দুৰ্গাপৰমেশ্বৰী মন্দিৰত ভক্তই ৰূপায়ন কৰা এই ব্যতিক্ৰমী পৰম্পৰা অত্যন্ত বিপজ্জনক হ’লেও অতীজৰে পৰা পালিত হৈ আহিছে।
সামাজিক মাধ্যমত প্ৰকাশ পােৱা এটা ভিডিঅ’ত দেখিবলৈ পোৱা গৈছে যে, উপাসকসকলে কেৱল এখন ধূতি পৰিধান কৰি খালী গাৰে ইজনে আনজনলৈ জুমুঠি নিক্ষেপ কৰিছে।
এই দৃশ্য চাবলৈ মন্দিৰৰ চৌহদত অগণন ভক্তই ভিৰ কৰাও পৰিলক্ষিত হৈছে।
#WATCH | Devotees hurled fire at each other as part of a fire ritual ‘Thoothedhara’ or ‘Agni Kheli’ to pay reverence to goddess Durga at Sri Durgaparameshwari temple in Kateel, Karnataka (22.04) #agnikhela #Karnataka #Kateel #news #BreakingNews #BREAKING pic.twitter.com/Kc1aBJ9GbE
— lets ponder it (@letsponderit) April 23, 2022
জানিব পৰা মতে, এই পুৰণি ৰীতি-নীতি প্ৰতি বছৰে কাটিল দুৰ্গা পৰমেশ্বৰী মন্দিৰ উৎসৱৰ সময়ত অনুষ্ঠিত হয়।
অংশগ্ৰহণকাৰী সকলক দুটা গোটত বিভক্ত কৰা হয় আৰু তেওঁলোকে প্ৰায় ১৫ৰ পৰা ২০ মিটাৰ দূৰত্বৰ পৰা ইজনে সিজনৰ ফালে জুমুঠি নিক্ষেপ কৰে।
জলন্ত জুমুঠি নিক্ষেপ প্ৰায় ১৫ মিনিট ধৰি চলি থাকে, যাৰ পিছত ভক্তসকলে মন্দিৰত প্ৰৱেশ কৰে।
অৱশ্যে এই পৰম্পৰা কাটিল চহৰৰ লোক আৰু চুবুৰীয়া গাঁও আথুৰ আৰু কোডাথুৰৰ লোকসকলৰ মাজতে সীমাবদ্ধ।
ভক্তসকলে উৎসৱৰ ৮ দিনত উপবাস ৰাখে আৰু মাংস আৰু সুৰা সেৱন কৰাৰ পৰা বিৰত থাকে।
কৰ্ণাটকৰ দক্ষিণ কানাড়া জিলাৰ নন্দিনী নদীৰ মাজত এটা আইলেটত অৱস্থিত দুৰ্গাপৰমেশ্বৰী মন্দিৰৰ এই অনন্য পৰম্পৰাই এতিয়া সামাজিক মাধ্যমত তীব্ৰ চৰ্চা লাভ কৰিছে।