শিহৰণকাৰী! বাইক আৰোহী যুৱকৰ বুকু ভেদ কৰিলে ৪০ ফুট দৈৰ্ঘ্যৰ দুডাল ৰ’ডে, চিকিৎসকে দিলে নতুন জীৱন

নিউজ ডেস্ক। ৰাখে হৰি মাৰে কােনে, মাৰে হৰি ৰাখে কােন! এই আপ্তবাক্য শাৰীয়েই যেন প্ৰতীয়মান হ’ল এজন যুৱকৰ সৈতে সংঘটিত ভয়ংকৰ ঘটনাৰ প্ৰসংগত।

চলন্ত অৱস্থাতে এগৰাকী বাইক আৰােহীৰ বুকুৰে পাৰ হ’ল ৪੦ ফুট দৈৰ্ঘ্যৰ দুডাল ৰ’ড। কিন্তু ইয়াৰ পাছতাে দৈৱক্ৰমে প্ৰাণৰক্ষা পৰিল এই যুৱকজনৰ।

চিকিৎসক যেন ঈশ্বৰৰ দূত হিচাপে নতুন জীৱন দিলে ভুক্তভােগী যুৱকজনক।

এই শিহৰণকাৰী ঘটনাৰ স্থান হাৰিয়ানাৰ গান্নাউৰ।

হাৰিয়ানাৰ ৰোহতকৰ এদল চিকিৎসকে শনিবাৰে এটা অতি জটিল অস্ত্ৰোপচাৰ সম্পন্ন কৰি এই যুৱকজনৰৰ জীৱন ৰক্ষা কৰে।

প্ৰায় ৫ ঘণ্টা ধৰি চলি থকা এক জটিল অস্ত্ৰোপচাৰৰ পিছত, যুৱকজনৰ শৰীৰৰ পৰা দুডাল ৰড আঁতৰ কৰা হয়। আৰু বৰ্তমান যুৱকজন বিপদমুক্ত।

https://ibb.co/L99yJ26

যুৱকজনৰ পৰিয়ালৰ সদস্যসকলে চিকিৎসকৰ দলটোলৈ কৃতজ্ঞতা প্ৰকাশ কৰে।

এই জটিল অস্ত্ৰোপচাৰ সম্পন্ন কৰে ৰোহতকৰ চিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰ প্ৰতিষ্ঠান (পিজিআইএমএছ) ৰ চিকিৎসকৰ দলে।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

জানিব পৰা মতে, শনিবাৰে গান্নাউৰৰ ওচৰত এজন লোকে বাইকত ৰদ কঢ়িয়াই নিছিল। তেনেতে চালকে নিয়ন্ত্ৰণ হেৰুৱাই বিপৰীত দিশৰ পৰা বাইক চলাই অহা এজন যুৱকক খুন্দা মাৰে।

দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে দুডাল ৰদ যুৱকজনৰ বুকু পাৰ হৈ যায়। যেতিয়া তেওঁৰ পৰিয়ালে দুৰ্ঘটনাটোৰ বিষয়ে জানিব পাৰে, তেতিয়া তেওঁলোক ঘটনাস্থলীত উপস্থিত হৈছিল।

https://ibb.co/JjtzbQH

তেওঁলোকে দেখে যে যুৱকজনৰ বুকুত প্ৰৱেশ কৰা ৰদৰ দৈৰ্ঘ্য প্ৰায় ৪০ ফুট।

পৰিয়ালৰ লোকে তেওঁক ওচৰৰ খানুপাৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰিছিল। য’ত চিকিৎসকসকলে তেওঁক প্ৰাথমিক চিকিৎসাৰ পিছত ৰোহতকৰ চিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰ প্ৰতিষ্ঠানলৈ প্ৰেৰণ কৰে।

পিজিআইএমএছত অস্ত্ৰোপচাৰ কৰা চিকিৎসকসকলে নিশা কাটাৰ মেচিনেৰে ৰড কাটে আৰু তেওঁৰ জীৱন ৰক্ষা কৰিবলৈ চেষ্টা কৰে।

লগতে চাওকঃ নলাৰ ওপৰত শিশুৱে ফুটালে ফটকা, ঘটিল ভয়ংকৰ ঘটনা…

তেওঁক ৰাতিটোৰ বাবে এজন চিকিৎসকৰ তত্বাৱধানত ৰখা হৈছিল, যাৰ পিছত তেওঁৰ বুকুত প্ৰৱেশ কৰা দুডাল ৰড উলিয়াই অনা হৈছিল।

তেওঁক বিশেষ ৱাৰ্ডত ভৰ্তি কৰোৱা হৈছিল, য’ত তেওঁৰ বুকুৰ পৰা ৰ’ড উলিওৱাৰ পিছত চিকিৎসাধীন হৈ থাকে আৰু এতিয়া বিপদমুক্ত অৱস্থাত আছে।

https://ibb.co/ft0mvG3

প্ৰতিষ্ঠানখনৰ অধ্যাপক ডাঃ সন্দীপ সিং, ডাঃ ফাৰকালিনা, নবীন মহলোত্ৰা, ডাঃ ইন্দ্ৰ মালিকে অস্ত্ৰোপচাৰ সম্পন্ন কৰিছিল। চিকিৎসকসকলে কয় যে এইটো তেওঁলোকৰ বাবে এটা ডাঙৰ প্ৰত্যাহ্বান আছিল। তেওঁলোকে কেতিয়াবাহে এনে ধৰণৰ ঘটনা দেখা পায়। কিয়নো এনে ক্ষেত্ৰত বেছিভাগ আহতৰ ঘটনাস্থলীত মৃত্যু হয়।

কিছুমান মানুহে আনকি চিকিৎসালয়ত উপস্থিত হ’বলৈও সক্ষম নহয়। ৰড এনেকুৱা ধৰণে বুকুত আছিল যে বতাহ অহা-যোৱা কৰাৰো কোনো উপায় নাছিল। ৰডবোৰ চাৰিটা ভাগত শৰীৰৰ পৰা উলিয়াই অনা হৈছিল।

উল্লেখ্য যে এই সফল আৰু আচৰিত অস্ত্ৰোপচাৰৰ পিছত পিজিআইৰ উপাচাৰ্যই চিকিৎসকৰ দলটোক অভিনন্দন জনায়। আঘাতপ্ৰাপ্ত যুৱকৰ পৰিয়ালৰ সদস্যসকলেও চিকিৎসকসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে।

Leave a Comment