ভাৰতৰ হৰনাজৰ শিৰত মিছ ইউনিভাৰ্ছ ২੦২১ৰ মুকুট

সুদীৰ্ঘ ২১ বছৰৰ মূৰত পুনৰ ভাৰতৰ সুন্দৰীয়ে জয় কৰিলে মিছ ইউনিভাৰ্ছৰ খিতাপ।

ভাৰতলৈ এই সন্মান আজুৰি আনিলে পাঞ্জাৱৰ হৰনাজ সন্ধুৱে।

উল্লেখ্য যে এই বেলি ৭੦ তম ইজৰাইলৰ ইলাতত অনুষ্ঠিত ২੦২১ বৰ্ষৰ মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল পাঞ্জাবৰ চণ্ডীগড়ৰ সুন্দৰী হৰনাজ সন্ধুৱে ৷

এই প্ৰতিযোগিতাৰ সকলাে পৰ্যায় সফলতাৰে অতিক্ৰম শেষ হাঁহি মাৰে হৰনাজ সন্ধুৱে।

প্ৰতিযোগিতা চূড়ান্ত পৰ্যায়ত পাৰাগুৱে আৰু দক্ষিণ আফ্ৰিকাৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰি মিছ ইউনিভাৰ্ছৰ খিতাপ জয় কৰে হৰনাজে ৷

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ১৯৯৪ চনত সুস্মিতা সেন আৰু ২੦੦੦ চনত লাৰা দত্তই মিছ ইউনিভাৰ্ছৰ খিতাপ দেশলৈ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল।

সুদীৰ্ঘ ২ দশকৰ অন্তত পুনৰ দেশলৈ এই সন্মান কঢ়িয়াই আনি দেশবাসীক গৌৰৱান্বিত কৰিলে হৰনাজে।

লাৰা দত্তা ভূপতিয়ে টুইট কৰি হৰনাজক শুভেচ্ছা জ্ঞাপন কৰিছে। লাৰাই টুইট কৰি সুদীৰ্ঘ ২১ বছৰৰ অন্তত দেশক পুনৰ গৌৰৱান্বিত কৰাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে হৰনাজক।

লগতে চাওকঃ

চলন্ত ৰে’লত উঠিবলৈ গৈ বিপদৰ পৰিল এজন বয়ােজ্যেষ্ঠ লােক, CCTV ত বন্দী সমগ্ৰ ঘটনা

Leave a Comment