অসম

SOP ক সমৰ্থন কৰি সকলোকে ক’ভিড বিধি মানি চলাৰ আহ্বান বক্সাৰ লাভলীনা বৰগোঁহাইৰ…

পুনৰ দেশজুৰি বৃদ্ধি হোৱা ক’ভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি জনসাধাৰণক ক’ভিড বিধি মানি চলাৰ আহ্বান বক্সাৰ লাভলীনা বৰগোঁহাইৰ।

দেওবাৰে নগাঁৱৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৭১ সংখ্যক ৰাজ্যিক অধিবেশনত উপস্থিত থাকি চৰকাৰৰ নতুন SOP ক সমৰ্থন কৰি সকলোকে সজাগ হোৱাৰ আহ্বান জনাই বক্সাৰগৰাকীয়ে।

তাৰোপৰি, চৰকাৰক প্ৰশংসা কৰি নৈশ কাৰ্ফিউ পৰিহাৰ কৰিব নালাগে বুলিও উল্লেখ কৰে লাভলীনা বৰগোঁহায়ে।

আনহাতে আগন্তুক দিনত অলিম্পিকত সোণৰ পদক কঢ়িয়াই অনাই মূল লক্ষ্য হ’ব বুলি জনালে বক্সাৰ লাভলীনা বৰগোঁহায়ে।

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৭১ সংখ্যক ৰাজ্যিক অধিবেশনত উপস্থিত থাকি বিদ্যাৰ্থী পৰিষদে দেশৰ লগতে জনসাধাৰণৰ বাবে সকলো সময়তেই ভাল কাম কৰি অহাৰ কথাও উল্লেখ খেলুৱৈগৰাকীৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *