অসমঅসমীয়া

SMCH পৰিদৰ্শন কৰি কেইবাটাও প্ৰকল্পৰ উদ্বোধন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

শুকুৰবাৰে শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল পৰিদৰ্শন কৰি কেইবাটাও প্ৰকল্পৰ শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আৱাসিক চিকিৎসকসকলৰ এক দীৰ্ঘদিনীয়া অভাৱ পূৰণ কৰি শুকুৰবাৰে ৭.০৫ কোটি টকা ব্যয়ৰে নিৰ্মান কৰা ছাত্ৰাবাসটোৰ উদ্বোধন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

তাৰ পিছতে তেওঁ চিকিৎসা হাস্পতালখনৰ কাৰ্ডিঅ’লজী বিভাগত কেথ লেবৰ সেৱা ৰাইজৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰে।

৫.৩৯ কোটি টকা ব্যয়ৰে স্থাপন কৰা এই পৰীক্ষাগাৰটোৱে হৃদৰোগীসকলৰ চিকিৎসাৰ ক্ষেত্ৰত যথেষ্ট সহায় আগবঢ়াব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

আনহাতে গুৰুতৰ হৃদৰোগৰ চিকিৎসাৰ বাবে এতিয়া শিলচৰ মেডিকেল কলেজ হাস্পতালত কেথ লেবৰ সৈতে এঞ্জিঅ’প্লাষ্টিৰ দৰে সুবিধাও উপলব্ধ হ’ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

মুখ্যমন্ত্ৰীগৰাকীৰ এই হাস্পতাল পৰিদৰ্শনৰ সময়ত তেওঁক সংগ দিয়ে ৰাজ্য চৰকাৰৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য, অশোক সিংহল, সাংসদ ডা: ৰাজদীপ ৰয়ৰ লগতে কেইবাগৰাকীও বিধায়ক।

ইফালে মেডিকেল কলেজ পৰিদৰ্শনৰ পিছতে শিলচৰস্থিত অসম বিশ্ববিদ্যালয়ৰ ২৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত অংশ লয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Leave a Reply

Your email address will not be published. Required fields are marked *