অসম

SI জােনমণি ৰাভাৰ বিৰুদ্ধে গােচৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ নগাঁৱৰ SPৰ, ক’লে এই কথা…

গ্ৰেপ্তাৰ হ’ব পাৰে নগাঁও আৰক্ষী থানাৰ উপ-পৰিদৰ্শক জোনমণি ৰাভা।

কিয়নো বৃহৎ প্ৰৱঞ্চণাৰ অভিযোগ উত্থাপন হৈছে এছআই জোণমণি ৰাভাৰ বিৰুদ্ধে।

৪ মে’ত প্ৰৱঞ্চনাৰ অভিযোগত এছআই গৰাকীয়ে গ্ৰেপ্তাৰ কৰোৱা ভাবী স্বামীৰ জালিয়াতিৰ বিষয়ে তেওঁ পূৰ্বৰে পৰাই জ্ঞাত হোৱাৰ অভিযোগ উত্থাপন হৈছে।

photo1652258252

ইতিমধ্যে ৰাম অৱতাৰ শৰ্মা আৰু অজিত বৰা নামৰ দুজন ব্যৱাসায়ীয়ে জোণমনি ৰাভাৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ তোলাৰ লগতে মাজুলীৰ গড়মূৰ থানাত ৰাণা পগাগৰ বিৰুদ্ধে এজাহাৰো দাখিল কৰিছে।

এই অভিযোগৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেয়ে।

photo1652258449

নগাঁৱৰ আৰক্ষী অধীক্ষক গৰাকীয়ে কয়,- ‘প্ৰমাণ পালে জোনমণি ৰাভাৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ আমি সাঁজু। আৰক্ষী বিষয়া হ’ল বুলিয়ে কাকো ৰেহাই দিয়া ন’হব। কিন্তু বৰ্তমানলৈকে আমি কোনো অভিযোগ পোৱা নাই আৰু অডিঅ’ ৰেকৰ্ডিঙক প্ৰমাণ হিচাপে আদালতে গণ্য নকৰে। তথাপিও মাজুলী আৰক্ষীক আমি পূৰ্ণ ৰূপত সহযোগ কৰিম।’

আনহাতে আৰক্ষী অধীক্ষকগৰাকীয়ে লগতে মাজুলীৰ অভিযোগকাৰী সকলকো নগাঁও আৰক্ষীৰ লগত যোগাযোগ কৰিবলৈ সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনায়।

Leave a Reply

Your email address will not be published. Required fields are marked *