অসম

SBIৰ দুটাকৈ ATMত চোৰৰ লুটপাত, লুটি নিলে ৪০ লক্ষাধিক টকা…

বঙাইগাঁৱত ATM ভাঙি চোৰে লুটিলে ৪০ লক্ষাধিক টকা।

সোমবাৰে পুৱতি নিশা বঙাইগাঁৱৰ বৰপাৰাৰ দুটা ষ্টেট বেংক অৱ ইণ্ডিয়াৰ এটিএমৰ পৰা অচিনাক্ত ব্যক্তিৰ এটা দলে ৪০ লাখতকৈও অধিক টকা লুট কৰি নিয়ে।

অচিনাক্ত ব্যক্তিৰ দলটোৱে বৰাপাৰাত থকা দুটা এটিএমৰ পৰা এই বৃহৎ পৰিমাণৰ ধনখিনি লুটি নিয়ে।

বৰ্তমানলৈ আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি এটিএম লুট কৰা দলটোত চাৰি-পাঁচজন মানুহ আছিল।

অচিনাক্ত ব্যক্তিৰ দলটোৱে প্ৰথমে এটিএমৰ ভিতৰত প্ৰৱেশ কৰে আৰু এটিএমৰ গৃহৰ সৈতে সংলগ্ন হৈ থকা চিচিটিভিৰ কেবল তাৰৰ সংযোগ কাটি দিয়ে।

দুৰ্বৃত্তৰ দলটোৱে চিচিটিভিৰ কেবল সংযোগ কাটি দিবলৈ ধৰাৰ সময়তে ইয়াক পৰ্যবেক্ষণ কৰি থকা হায়দৰাবাদৰ এটা নিৰীক্ষণ দলে আৰক্ষীক এটিএম টেম্পাৰিং হ’ব পাৰে বুলি খবৰ দিয়ে।

ইপিনে, আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হোৱাৰ পূৰ্বে চোৰৰ দলটোৱে এটিএম ভাঙি টকা লৈ উধাও হয় বুলি আৰক্ষীয়ে উল্লেখ কৰে।

আৰক্ষীয়ে সদৰী কৰা মতে এটিএম দুটাৰ ভিতৰত প্ৰায় ৪০ লাখ টকা আছিল আৰু চোৰৰ দলটোৱে গেছ-কাটাৰৰ সহায়ত এটিএম কাটি টকাখিনি লৈ উধাও হয়।

ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *