NRCৰ প্ৰাক্তন সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে পুনৰ গোচৰ ৰুজু

NRCৰ প্ৰাক্তন সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে পুনৰ গোচৰ ৰুজু।

NRCৰ ৰাজ্যিক সমন্বয়ক হিতেশ দেৱ শৰ্মাই তৰিলে গোচৰ।

দূৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাত ৰাজহুৱা ধন আত্মসাৎৰ গোচৰ হাজেলাৰ বিৰুদ্ধে।

NRCৰ বাবে আবন্টিত ধন বৃহৎ হাৰত কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ হিতেশ দেৱ শৰ্মাৰ।

ডাটা এন্ট্ৰি অপাৰেটৰক দিয়া পাৰিতোষিকৰ নামত এই কেলেংকাৰী সংঘটিত হোৱাৰ তথ্য এজাহাৰত।

এগৰাকী ডাটা এন্ট্ৰি অপাৰেটৰক প্ৰতিমাহে ১৪,৫০০ পৰা ১৭,৫০০ টকা পাৰিতোষিক দিয়া বুলি দেখুৱাইছিল পূৰ্বৰ সমন্বয়কে।

কিন্তু সেই সকল ডাটা এন্ট্ৰি অপাৰেটৰক মাত্ৰ ৫৫০০ ৰ পৰা ৯১০০ টকাহে আদায় দিছিল।

এই সমূহ কেলেংকাৰী সংঘটিত হৈছিল ২০১৫ বৰ্ষৰ পৰা ২০১৯ বৰ্ষলৈ।

NRCৰ এই ঠিকাভিত্তিক কৰ্মচাৰীৰ পাৰিতোষিকৰ বাবে পুঁজি দিছিল ১৫৫.৮৩ কোটি টকা।

এইসমূহ তথ্য প্ৰকাশ পাইছে মহা গাননিকৰ অডিট ৰিপৰ্টত। মহা গাননিকৰ এই তথ্যৰ ভিত্তিতে গোচৰ ৰুজু কৰিছে দূৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাত।

হাজেলাৰ এই কেলেংকাৰীত প্ৰলয় শীল নামৰ এজন ব্যক্তিয়ে মধ্যস্থতাকাৰীৰূপে থকাৰ অভিযোগ।

কাৰ্যালয়টোৰ কৰ্মচাৰী অথবা ঠিকাদাৰ নোহোৱাকৈ NRCৰ প্ৰতিটো কামতে হস্তক্ষেপ কৰাৰো অভিযোগ এজাহাৰত।

ইয়াৰ উপৰিও থাৰ্ট পাৰ্টি মনিটৰিঙ কনচালটেন্টৰ নামত খৰচ হোৱা ১০.৭৩ কোটি টকাৰ কেলেংকাৰী হোৱাৰ অভিযোগ। এই থাৰ্ট পাৰ্টি মনিটৰিঙ কনচালটেন্টৰ গৰাকী আছিল ৰাজেশ জৈন।

এই সমূহ কেলেংকাৰীত জড়িত প্ৰতিগৰাকী লোকক সোধ-পোচ কৰি তদন্ত কৰিবলৈ আহ্বান বৰ্তমানৰ সমন্বয়ক হিতেশ দেৱ শৰ্মাৰ।