NGT ৰ নিৰ্দেশ অমান্য! দীপৰ বিলত বৈদ্যুতীকৰণৰ কাম ৰে’ল বিভাগৰ, বন বিভাগৰ FIR

নিউজ ডেস্ক। কামাখ্যা-আজাৰা ৰে’লপথত বিগত সময়ছোৱাত ৰে’লৰ খুন্দাত ১৫টাকৈ বনৰীয়া হাতী আৰু অসংখ্য জীৱ জন্তুৰ মৃত্যু হৈছে।

হাতীসহ বনৰীয়া জীৱ-জন্তুৰ নিৰাপত্তাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণেও (এন জি টি) ৰে’লৱে কর্তৃপক্ষক বিদ্যুতীকৰণ আৰু ৰে’লপথ দ্বৈতকৰণৰ কাম দীপৰ বিলৰ পাৰত থকা অংশত চূড়ান্ত সিদ্ধান্ত নোহোৱা পর্যন্ত আৰম্ভ নকৰিবলৈ বিগত বৰ্ষত নিৰ্দেশ দিছিল।

অৱশ্যে ৰে’লৱে কৰ্তৃপক্ষই চলিত বৰ্ষৰ ৩০ এপ্রিল আৰু ৩ জুনত বিদ্যুতীকৰণৰ কাম কৰিবলৈ আহিছিল যদিও বন বিভাগৰ বাধাৰ বাবে উভতি যাবলগীয়া হৈছিল।

G4 7
NGT ৰ নিৰ্দেশ অমান্য! দীপৰ বিলত বৈদ্যুতীকৰণৰ কাম ৰে’ল বিভাগৰ, বন বিভাগৰ FIR 3

অর্থাৎ‍ অসম চৰকাৰৰ বন বিভাগৰ বাধাৰ বাবে যোৱা কেইবামাহ ধৰি ৰে’লপথ দ্বৈতকৰণকে ধৰি বিদ্যুতীকৰণৰ কাম বন্ধ হৈ আছিল।

কিন্তু এন জি টিৰ নিৰ্দেশনা উলংঘা কৰি আজি পুৱা প্ৰবল বৰষুণক নেওচিও ৰে’লৱে সুৰক্ষা বাহিনীৰ (আৰ পি এফ) এটা বিশাল দল তিনি শতাধিক শ্রমিকসহ উপস্থিত হয় ৰে’লৱেৰ অভিযন্তা-বিষয়াৰ দল।

প্ৰবল বৰষুণৰ মাজতো ৰে’লৱেৰ ফালৰ পৰা কাম আৰম্ভ কৰাত প্ৰথমতে।

WhatsApp Image 2022 06 14 at 5.48.16 PM
NGT ৰ নিৰ্দেশ অমান্য! দীপৰ বিলত বৈদ্যুতীকৰণৰ কাম ৰে’ল বিভাগৰ, বন বিভাগৰ FIR 4

দীপৰ বিল সুৰক্ষা মঞ্চৰ সভাপতি হেনৰী ডেভিড ট্ৰেণ, সাধাৰণ সম্পাদক প্ৰমোদ কলিতা, সহকাৰী সাধাৰণ সম্পাদক সুশীল টেৰণকে ধৰি মঞ্চৰ এটা সঁজাতী দলে কাম আৰম্ভ কৰা (পিলাৰ নং ১৬৪ পৰা পিলাৰ নং ১৬৮) শ্ৰীশ্ৰীভাঙাৰা গোসাঁই মন্দিৰৰ সমীপত উপস্থিত হয়।

মঞ্চৰ সঁজাতী দলটোৱে এন জি টিৰ নিৰ্দেশনা অনুসৰি কাম আৰম্ভ নকৰিবলৈ ৰে’লৱে কৰ্তৃপক্ষৰ দলটোক অনুৰোধ কৰে যদিও তেওঁলোকে তালৈ গুৰুত্ব নিদি কাম আৰম্ভ কৰে।

এই সন্দৰ্ভত জানিব পাৰি কিছু নিলগত থকা চকদৌত থকা বন বিভাগৰ বন্যপ্রাণী শাখাৰ অন্তৰ্গত দীপৰ বিল বন্যপ্ৰাণী বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ আঞ্চলিক বন বিষয়া ধৰ্মেশ্বৰ দলেৰ নেতৃত্বত এটা বনকৰ্মীৰ দল ঘটনাস্থলীত উপস্থিত হৈ ৰে’লৱে কৰ্তৃপক্ষক বৈদ্যুতীকৰণৰ কাম বন্ধ কৰিবলৈ আহ্বান জনায়।

কিন্তু সেই আহ্বানক নেওচিও ৰে’লৱে কৰ্তৃপক্ষই লগত অনা বিশাল আৰ পি এফ বাহিনীৰ সহায়ত গাঁত খন্দা, খুঁটা বহুওৱাকে ধৰি বৈদ্যুতীকৰণৰ কাম কৰি থাকে।

অৱশেষত এন জি টিৰ নিৰ্দেশনা উলংঘা কৰি কাম কৰি থকাৰ বাবে বিয়লি বিভাগীয় ঊর্ধ্বতন কৰ্তৃপক্ষৰ পৰামৰ্শ অনুসৰি দীপৰ বিল বন্যপ্ৰাণী অভয়াৰণ্যৰ আঞ্চলিক বন বিষয়া ধৰ্মেশ্বৰ দলেয়ে স্থানীয় আজাৰা থানাত ৰে’লৱে কৰ্তৃপক্ষৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে৷

এজাহাৰ দাখিলৰ পিছত থানাৰ এটা আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয়। কিন্তু তেতিয়ালৈ সন্ধিয়া নামি অহা বাবে ৰে’লৱেৰ দলটো উভতি যায়।

উল্লেখযোগ্য যে ভাৰতীয় বন্যপ্রাণী সংস্থাৰ বিশেষজ্ঞৰ Deepor Beel Railway Track Mitigation Plan, December 2021 অনুসৰি উপযুক্ত ব্যৱস্থা নহোৱালৈকে বিদ্যুতীকৰণৰ কাম বন্ধ ৰাখিব লাগিব। কিয়নো ই বনৰীয়া হাতীৰ ক্ষতি সাধন কৰিব আৰু Study to assess the Impact of powerlines on Avain species in and around Deepor Beel Ramsar Site, Assam (TR No 2021/12)ত উচ্চ ক্ষমতাযুক্ত বিদ্যুৎপক্ষীকুলৰ কাৰণে ক্ষতিকাৰক বুলি বিবেচিত হৈছে।

ইফালে ৰে’লৱে কৰ্তৃপক্ষই বিদ্যুতীকৰণৰ কাম কৰি থকাৰ মাজতে দীপৰ বিল সুৰক্ষা মঞ্চৰ কর্মকর্তাসকলে হাতে হাতে বেনাৰ, প্লে-কার্ড লৈ ৰে’লৱে কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

মঞ্চৰ কৰ্মকৰ্তাসকলে সদৰী কৰা অনুসৰি এই সমগ্ৰ অঞ্চলত কেইবাটাও এলিফেণ্ট কৰিড’ৰ বা হস্তীৰ দণ্ডী আছে।

পৰিৱেশ সংবেদনশীল এলেকা হোৱাৰ পিছতো ৰে’লৱে কৰ্তৃপক্ষই জোৰকৈ নিৰ্মাণ কাৰ্য আৰম্ভ কৰা কাৰ্য ধিক্কাজনক আৰু নিন্দনীয়।

বিগত সময়ছোৱাত ৰে’লৰ খুন্দাত ১৫টাকৈ বনৰীয়া হাতীৰ মৃত্যু হোৱাৰ লগতে ৰে’লৰ খুন্দাৰ পৰা এটা বনৰীয়া হাতীৰ জাকক ৰক্ষা কৰিবলৈ গৈ কেইবছৰমান আগতে কলীয়া বড়ো নামৰ এজন বনকৰ্মীয়ে ৰে’লৰ খুন্দাত মৃত্যুক সাবটি ল’বলগীয়া হৈছিল।

অৱশ্যে বন বিভাগৰ এজাহাৰ অনুসৰি আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে লক্ষণীয় হ’ব।