IIT গুৱাহাটীৰ ছাত্ৰাবাসত ছাত্ৰৰ ৰহস্যজনক মৃত্যু

নিউজ ডেস্ক। পুনৰ ৰহস্যজনকভাৱে মৃত্যু IIT গুৱাহাটীত অধ্যয়নৰত বহিঃৰাজ্যৰ ছাত্ৰৰ।

জানিব পৰা মতে, শিক্ষা প্রতিষ্ঠানখনৰ দিহিং হোষ্টেলত সংঘটিত হৈছে এই ঘটনা।

মৃত শিক্ষাৰ্থীজন IIT গুৱাহাটীৰ বি টেকৰ চূড়ান্ত বৰ্ষত অধ্যয়নৰত মহাৰাষ্ট্ৰৰ নাগপুৰৰ হৃত্বিক সঞ্জয় ভবানী (২২)।

গুৱাহাটী
IIT গুৱাহাটীৰ ছাত্ৰাবাসত ছাত্ৰৰ ৰহস্যজনক মৃত্যু 3

দিহিং ছাত্ৰাবাসৰ ৩৩৭ নম্বৰ কোঠাত সন্ধানহীন অবস্থাত সহপাঠী ছাত্রই প্রত্যক্ষ কৰি হোষ্টেল মুৰব্বীক খবৰ দিয়ে।

আমিনগাঁও আৰক্ষীয়ে আইআইটি কৰ্তৃপক্ষৰ অনুৰােধ মৰ্মে, দিহিং হোষ্টেলৰ নিজ কোঠাত ছাত্ৰ জনৰ মৃতদেহ উদ্ধাৰ কৰে।

ছাত্ৰজনৰ মৃত্যুৰ কাৰণ এই পর্যন্ত জানিব পৰা হোৱা নাই যদিও আৰক্ষীয়ে হৃদক্রিয়া বন্ধ হৈ মৃত্যু হোৱাৰ আশংকা কৰিছে যদিও মৰণোত্তৰ পৰীক্ষাৰ পাছতহে মৃত্যুৰ কাৰণ স্পষ্ট হ’ব।

লগতে চাওকঃ

অসমত কৰ্তব্যৰত অৱস্থাত শ্বহীদ সেনা জােৱান, অন্ত্যেষ্টিক্ৰিয়াত সনসমুদ্ৰ

G6
IIT গুৱাহাটীৰ ছাত্ৰাবাসত ছাত্ৰৰ ৰহস্যজনক মৃত্যু 4