HS ফলাফলঃ কলাত ৮৩.৪৮, বিজ্ঞানত ৯২.১৯ আৰু বাণিজ্যত ৮৭.২৭শতাংশ উৰ্ত্তীণ…

বহু প্ৰতিক্ষাৰ অন্ত পেলাই আজি ঘোষণা কৰা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল।

পুৱা ৯ বজাৰ লগে লগে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ১৬ ৱেবচাইটৰ জৰিয়তে প্ৰকাশ কৰে ফলাফল।

কলা, বিজ্ঞান আৰু বাণিজ্য তিনিওটা শাখাতে প্ৰকাশ কৰা হয় ফলাফল।

২০২২বৰ্ষৰ চূড়ান্ত পৰীক্ষাত কলা শাখাত মুঠ ১৫৬১০৭জন পৰীক্ষাৰ্থীয়ে পৰীক্ষাত অৱৰ্তীণ হৈছিল।

ইয়াৰে ২৯হাজাৰ ৪৮৭গৰাকীয়ে প্ৰথম বিভাগ, ৫২,৯৪৪গৰাকীয়ে দ্বিতীয় বিভাগ আৰু ৪৭,৮৯৩গৰাকীয়ে তৃতীয় বিভাগত উৰ্ত্তীণ হৈছে।

২০২২বৰ্ষত কলা শাখাত মুঠ উৰ্ত্তীণৰ শতকৰা হাৰ ৮৩.৪৮শতাংশ।

বিজ্ঞান শাখাত অৱৰ্তীণ হোৱা মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আছিল ৩৩৫৩৪। ইয়াৰে ২০১৭১গৰাকীয়ে প্ৰথম বিভাগ, ৯৮৩৩গৰাকীয়ে দ্বিতীয় বিভাগ আৰু ৯১১গৰাকী তৃতীয় বিভাগত উৰ্ত্তীণ হৈছে।

২০২২ বৰ্ষত বিজ্ঞান শাখাত মুঠ উৰ্ত্তীণৰ শতকৰা হাৰ ৯২.১৯শতাংশ।

আনহাতে বাণিজ্য শাখাত অৱৰ্তীণ হোৱা মুঠ পৰীক্ষাৰ্থীৰ সংখ্যা ১৫১৯৯গৰাকী। ইয়াৰে ৫০১৮গৰাকীয়ে প্ৰথম বিভাগ, ৫১৮৬গৰাকীয়ে দ্বিতীয় বিভাগ, ৩০৬০গৰাকীয়ে তৃতীয় বিভাগত উৰ্ত্তীণ হৈছে।

২০২২ বৰ্ষত বাণিজ্য শাখাত উৰ্ত্তীণৰ শতকৰা হাৰ ৮৭.২৭শতাংশ।

উল্লেখ্য যে, ২০২২ বৰ্ষত কলা শাখাত দুগৰাকী ছাত্ৰীয়ে প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে।

তেওঁলোক হৈছে- কামৰূপা গাৰ্লছ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল (কামৰূপ)ৰ সাধনা দেৱী আৰু মহিলা মহাবিদ্যালয়, তিনিচুকীয়াৰ চেৰী গোহাঁই। তেওঁলোক দুয়োগৰাকী ছাত্ৰীয়ে লাভ কৰা নম্বৰ হৈছে ৪৮৭।

বিজ্ঞান শাখাত প্ৰথম স্থান লাভ কৰিছে ধৃতিৰাজ বাস্তৱ কলিতা, দেওমৰনৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়, দৰং। মুঠ নম্বৰ লাভ কৰিছে- ৪৯১।

আনহাতে বাণিজ্য শাখাত প্ৰথম স্থান লাভ কৰিছে সাগৰ আগৰৱাল, বিবেকানন্দ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, কাছাৰ। মুঠ নম্বৰ লাভ কৰিছে- ৪৮২।