অসম

DGP ভাস্কৰজ্যোতি মহন্তই ভাৰ্চুৱেল পদ্ধতিৰে আনুষ্ঠানিকভাৱে মুকলি কৰিলে নগৰবেৰা আৰক্ষী থানাৰ নৱনিৰ্মীত ভৱণ…

শুক্ৰবাৰৰ পুৱা আনুষ্ঠানিক ভাবে শুভ উদ্বোধন কৰা হয় নগৰবেৰা আৰক্ষী থানাৰ নৱনিৰ্মীত ভৱণটি।

আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই ভাৰ্চুৱেল পদ্ধতিৰে আনুষ্ঠানিক ভাবে শুভ উদ্বোধন কৰা আৰক্ষী থানা ভৱণৰ ৰঙা ফিটা কাটি ফলকৰ পৰ্দা আতৰায় কামৰূপ জিলা আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়ে।

image 79

১ কোটি ৯৩ লাখ ২ হেজাৰ ৫শ ৭৪ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা নৱ নিৰ্মীত ভৱণটি মুকলি কৰাৰ অন্তত আৰক্ষী অধীক্ষক গৰাকীয়ে ৰাইজক উদ্দেশ্যি দিয়া এক ভাষণ কালত নগৰবেৰাৰ সাতামপুৰুষীয়া ঐক্য-সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ কথা উল্লেখ কৰাৰ উপৰি আৰক্ষীৰ কৰ্ম সম্পাদনৰ ক্ষেত্ৰত ৰাইজৰ সহায়-সহযোগিতাৰ কথা উল্লেখ কৰে।

image 80

আজিৰ এই আৰক্ষী থানা ভৱণ উদ্বোধনী পৰ্ব্বত নগৰবেৰা ৰাজহ চক্ৰ বিষয়া বনশ্ৰী মালাকাৰ ,নগৰবেৰা আঞ্চলিক মৌজা কমিটিৰ সভাপতি উদয়শংকৰ মেধিকে প্ৰমুখ্যে কৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি তথা দল-সংগঠনৰ নেতা-কৰ্মী সকল উপস্থিত থাকে।

আনহাতে ৰাইজৰ অভিযোগৰ ভিত্তিত আৰক্ষী অধীক্ষকে সকলোকে ভৱণটিৰ ভিতৰত সোমাই কামৰ খটিয়ান ল’বলৈ জনোৱা আহ্বান মৰ্মে সকলোৱে ভিতৰলৈ গৈ ভৱণটিৰ কামৰ নিৰীক্ষণ কৰে।