CAA বিৰোধী আন্দোলনৰ প্ৰতি মোৰ সম্পূৰ্ণ সমৰ্থন আছেঃ দীপলীনা ডেকা…

ৰাজ্যত পুনৰ দেখা দিছে CAA বিৰোধী আন্দোলনৰ উকমুকনি।

বিভিন্ন দল সংগঠনে আন্দোলনৰ হুংকাৰ প্ৰদান কৰি থকাৰ সময়তে এইবাৰ মুকলিকৈ CAA বিৰোধী আন্দোলনক সমৰ্থন আগবঢ়াইছে জনপ্ৰিয় কণ্ঠশিল্পী দীপলীনা ডেকাই।

তেওঁ কয়- CAA বিৰোধী আন্দোলনৰ প্ৰতি মোৰ সম্পূৰ্ণ সমৰ্থন আছে। কোনে, কেতিয়া পুনৰ আন্দোলন কৰিম কৈছে তাৰ সবিশেষ অৱগত নহয়। আলোচনা কৰিহে পুনৰ মতামত দিব পাৰিম।

শিৱসাগৰ বি জি ৰোডত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় উপ-সভাপতি উদ্দীপ জ্যোতি গগৈৰ নেতৃত্বত এদল যুৱকে মুকলি কৰা “My Cleaners” নামৰ এখন অত্যাধুনিক লণ্ড্ৰী উদ্বোধন কৰি এই মন্তব্য কৰে জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাই।

তদুপৰি ছাত্ৰ সন্থাৰ বিষয়ববীয়া বা কৰ্মীয়ে আত্মসংস্থাপনৰ বাবে কেতবোৰ কাম হাতত লোৱা কাৰ্যৰো শলাগ ‌লয় তেওঁ।

দীপলিনা ডেকাই কয়- ‘সুস্থ শৰীৰ আৰু মনৰ বাবে স্বচ্ছতা অতি প্ৰয়োজন। আজি কালি মানুহৰ জীৱনটো যান্ত্ৰিক হৈ পৰিছে। কিছুমান কামৰ বাবে আমি  বৰ  সময় দিব নোৱাৰোঁ। এনে সময়ত এইধৰণৰ প্ৰতিষ্ঠানে কিছু সকাহ দিয়ে। এই বিলাক উদাহৰণ। ভাল লগা দিশ।