অসম

CAAৰ বিৰুদ্ধে মই এতিয়াও আছো, মোৰ চিধা কথা CAA আমি নামানোঃ জুবিন

CAAৰ বিৰুদ্ধে পুনৰ সৰব হৈছে সদৌ অসম ছাত্ৰ সন্থা।

দুটা বছৰেই পাৰ হৈ গ’ল কা আন্দোলনত জপিয়াই পৰি আৰক্ষীৰ গুলিত শ্বহীদ হোৱা সেই ৫ গৰাকী লোকৰ।

এই শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ উদ্দেশ্যে শিল্পী সমাজ আৰু ৰাইজৰ সহযোগত আছুৱে আয়োজন কৰিলে শ্বহীদ সোঁৱৰণ অনুষ্ঠানৰ।

শ্বহীদসকললৈ শ্ৰদ্ধা নিবেদি পুনৰ CAAৰ বিৰুদ্ধে সৰৱ হৈ পৰিল আছু নেতৃত্ব।

আজি হাতীগাঁৱত অনুষ্ঠিত হোৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশ গ্ৰহণ কৰে কণ্ঠশিল্পী জুবিন গাৰ্গে।

এই অনুষ্ঠানত অংশগ্ৰহণ কৰি জুবিন গাৰ্গে কয় যে ‘ CAAৰ বিৰুদ্ধে মই এতিয়াও আছো। মোৰ চিধা কথা কা আমি নামানো।’

‘কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূৱক কনফিউচ কৰি গৈছে, বিশেষকৈ অসমক। কিহৰ বাবে কৰিছে নাজানো। আলোচনা বহুতেই কৰি আছে কিন্তু ফলাফল পোৱা নাই।’

এতিয়া সকলো সলনি হৈছে। চৰকাৰো নতুন হৈছে।নতুন চৰকাৰে কথা খিনি চিন্তা কৰক। নতুন চৰকাৰক আহ্বান কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা কৰক। আমাক মাতক আমিও বহিম আলোচনাত।’

লগতে উত্তৰ পূবৰ ৰাইজক নিজৰ স্থিতিত অটল থাকিবলৈ আহ্বান জনাই জুবিন গাৰ্গে।

লগতে চাওকঃ

মাৰাডােনাৰ ঘড়ী চােৰৰ ঘৰত আৰক্ষীৰ অভিযান, জব্দ হ’ল বহু মূল্যৱান সামগ্ৰী…

Leave a Reply

Your email address will not be published. Required fields are marked *