BTRত বড়ো যুৱতীৰ বাবে নিৰ্মাণ হ’ব নাৰ্চিং স্কুলঃ মুখ্যমন্ত্ৰী…

ৰাজ্যত বলিছে এতিয়া উপ নিৰ্বাচনৰ গৰম বতাহ।

উপ নিৰ্বাচনৰ বাবে ব্যাপক প্ৰচাৰ চলোৱাত ব্যস্ত হৈ পৰিছে শাসক বিৰোধী প্ৰতিটো ৰাজনৈতিক দল।

BTRত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত আছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

আজি বাক্সাৰ ৰূপহীত নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

প্ৰচাৰ সভাত BTRত বড়ো যুৱতী সকলক লৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী শৰ্মাই।

মুখ্যমন্ত্ৰী গৰাকীয়ে কয়- BTRত বড়ো যুৱতীৰ বাবে নিৰ্মাণ হ’ব নাৰ্চিং স্কুল।

লগতে বড়ো যুৱতীসকলৰ কৰ্মদক্ষতাৰ প্ৰশংসা কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়- অসমীয়া যুৱতীয়ে নিজৰ ৰাজ্যতে কাম শিকি কৰ্মসংস্থাপন পোৱাটো বিচাৰো।

Leave a Comment