BTRত আত্মসমৰ্পন কৰা ৫৭টা চোৰাং চিকাৰীলৈ ৫০ হাজাৰ টকাকৈ আৰ্থিক সাহায্য

বিশ্ব গঁড় দিৱসৰ দিনাই বিটিআৰত ৫৭ জন চোৰাং চিকাৰীৰ আত্মসমৰ্পন।

কোকৰাঝাৰ জিলাৰ ৰাইমোনাত আত্মসমৰ্পন কৰে চোৰাং চিকাৰীসকলে।

ৰাইমোনা ৰাজহুৱা প্ৰেক্ষাগৃহত বিটিচি প্ৰধান প্ৰমোদ বড়োৰ উপস্থিতিত আয়োজিত এক অনুষ্ঠানত আত্মসমৰ্পন কৰে চোৰাং চিকাৰী সকলে।

241500177-384055989865961-8504695842759593099-n

চোৰাং চিৰাকী সকলে আত্মসমৰ্পন কৰা সময়ত ৪০ টা বন্দুক, গুলি-বাৰুদৰ লগতে হাতীৰ দাঁত আদি অৰ্পন কৰে।

চোৰাং চিকাৰী সকলে মূল সূতিলৈ উভতি অহা কাৰ্য্যক বিটিচি প্ৰধান প্ৰমোদ বড়োৱে উচ্চ প্ৰশংসা কৰে।

বিটিআৰ প্ৰধান প্ৰমোদ বড়ো আৰু বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীৰ উপস্থিতিত অস্ত্ৰসহ আত্মসমৰ্পণ কৰা সকলো চিকাৰীলৈ নগদ পঞ্চাশ হেজাৰ আৰ্থিক সাহায্য আগবঢ়োৱা হয়।

242567671-384055896532637-8062151756588739891-n

উল্লেখ্য যে, ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানখনৰ স্বাৰ্থত বিটিচি চৰকাৰৰ আহ্বানত চোৰাং চিকাৰী সকলে আত্মসমৰ্পন কৰি মূল সূতিলৈ উভতি আহে।

Leave a Comment