অসম

BIEOৰ জালত চেন্ট্ৰেল বেংক অব ইণ্ডিয়াৰ অৱসৰী শাখা প্ৰবন্ধক প্ৰদীপ কুমাৰ দাস…

BIEOৰ জালত CENTRAL বেংক অব ইণ্ডিয়াৰ অৱসৰী শাখা প্ৰবন্ধক।

ডিকম শাখা প্ৰবন্ধক প্ৰদীপ কুমাৰ দাসক গ্ৰেপ্তাৰ৷

জালিয়াতিৰে ঋণ প্ৰদান কৰা গোচৰত বি আই ই অ’ৱে গ্ৰেপ্তাৰ কৰিছে চেণ্ট্ৰেল বেংক অব্ ইণ্ডিয়াৰ ডিকম শাখাৰ অৱসৰপ্ৰাপ্ত শাখা প্ৰবন্ধক প্রদীপ কুমাৰ দাসক।

বেংকটোৰ আঞ্চলিক প্রবন্ধকে বি আই ই অত দাখিল কৰা এজাহাৰৰ ভিত্তিত দাসক গ্ৰেপ্তাৰ কৰা হৈছে।

অভিযোগ অনুসৰি, প্ৰদীপ কুমাৰ দাসে বেংকটোৰ ডিকম শাখাত প্ৰবন্ধক হিচাপে থকা সময়ত আব্দুল মুন্নাফ নামৰ লোক এজনক মুঠ ১০.৫৫ লাখ টকাৰ ঋণ দিছিল।

ঋণ ঘূৰাই নোপোৱাত বেংক কর্তৃপক্ষই বি আই ই অ’ত এজাহাৰ দাখিল কৰিছিল। বি আই ই অ’ৱে গোচৰটোৰ তদন্ত কৰি তথ্য লাভ কৰে যে দৰাচলতে ২০০৬ চনতে মৃত্যু হোৱা আব্দুল মুন্নাফৰ নথি-পত্ৰ দি তেওঁৰ পুত্র আব্দুল সমীৰে এই টকাখিনি বেংকৰ পৰা ঋণ হিচাপে সৰকাইছিল।

তদন্তত পোহৰলৈ অহা তথ্য অনুসৰি, সেই সময়ত বেংকটোৰ শাখা প্ৰবন্ধক প্ৰদীপ কুমাৰ দাসে নথি-পত্ৰসমূহ পৰীক্ষা নকৰাকৈয়ে ঋণ মোকলাই দিছিল।

ইতিপূর্বে বি আই ই অ’ৱে আব্দুল সমীৰক গ্ৰেপ্তাৰ কৰিছে।

গোচৰটোত জালিয়াতিৰে ঋণ প্ৰদানৰ বাবে বি আই ই অ’ৱে অৱসৰপ্ৰাপ্ত শাখা প্রবন্ধক প্রদীপ কুমাৰ দাসক গ্ৰেপ্তাৰ কৰে।

Related Articles

Back to top button