প্ৰসংগঃ মহানগৰীৰ ৰঞ্জিৎ বৰা হত্যাকাণ্ড! আৰক্ষীৰ জালত মাষ্টাৰমাইণ্ড আমিৰ আলী…

আৰক্ষীৰ জালত মহানগৰীৰ ৰঞ্জিৎ বৰা হত্যাকাণ্ডৰ মাষ্টাৰ মাইণ্ড।

নিশাই মহানগৰ আৰক্ষীয়ে জিম্মাত ল’লে আমিৰ আলীক।

ৰঞ্জিৎ বৰাক গুলীয়াবলৈ চুপাৰি দিছিল আমিৰ আলীয়ে।

আমিৰ আলীৰ নেতৃত্বত দুই যুৱকে সংঘটিত কৰিছিল হত্যাকাণ্ড।

আমিৰৰ বাইকৰ সৈতে দুৰ্বৃত্তই ব্যৱহাৰ কৰা বাইকৰ সাদৃশ্য লাভ কৰিছে আৰক্ষীয়ে।

ঘটনাৰ পাছতে মৰিগাঁৱৰ শহুৰেকৰ ঘৰত লুকুৱাই ৰাখিছিল আমিৰে। আমিৰৰ সহযোগী আছিল চিণ্টু আলী। চিণ্টুক বিচাৰি অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে।

ম’বাইলৰ কথোপকথনৰ ভিত্তিত তথ্য লাভ আৰক্ষীৰ।

দীৰ্ঘদিনে আৰক্ষীৰ চোৰাংচোৱা হিচাপেও কাম কৰি আছিল আমিৰে। ড্ৰাগছ সৰবৰাহৰ সৈতেও জড়িত আছিল আমিৰ আলী।

সম্প্ৰতি ঘটনাৰ তদন্ত কৰি আছে ক্ৰাইম ব্ৰান্সে। সোমবাৰে নিশা জালুকবাৰীকে ধৰি বিভিন্ন স্থানত চলিছিল অভিযান।

আমিৰ আলীক লগত বৰ্তমানেও আৰক্ষীৰ অভিযান অব্যাহত। মহানগৰীৰ পাঞ্জাবাৰীত ঘৰ অভিযুক্ত আমিৰ আলীৰ।

২১ নৱেম্বৰত পাঞ্জাবাৰীত সংঘটিত হৈছিল ৰঞ্জিত বৰাৰ হত্যাকাণ্ড।