APSC কেলেংকাৰী! আৰক্ষীৰ তদন্তৰ সন্মুখীন হ’ব ২০১৩ বৰ্ষত নিযুক্তি লাভ কৰা ৩৭ গৰাকী বিষয়া…

APSC কেলেংকাৰীক লৈ ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

আৰক্ষীৰ তদন্তৰ সন্মুখীন হ’ব ২০১৩ বৰ্ষত নিযুক্তি লাভ কৰা ৩৭ গৰাকী বিষয়া।

অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদনৰ ভিত্তিত চৰকাৰৰ এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনত প্ৰকাশ পোৱা তথ্য অনুসৰি, ২০১৩ বৰ্ষত ৰাকেশ পাল নেতৃত্বাধীন এ পি এছ চিয়ে ৰাজ্য চৰকাৰৰ বাবে ৰাজপত্ৰিত বিষয়া বাছনিত সংঘটিত কৰা দুৰ্নীতি, কেলেংকাৰীৰ তদন্ত কৰাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে।

দিছপুৰৰ পৰা অসম আৰক্ষীৰ সঞ্চালক প্ৰধানলৈ এই সন্দৰ্ভত প্ৰেৰণ কৰা হৈছে জৰুৰী নিৰ্দেশ।

এই নিৰ্দেশৰ সৈতেই ২০১৩ বৰ্ষত ৰাকেশ পালে অনুষ্ঠিত কৰা সংযুক্ত প্ৰতিযোগিতকামূলক পৰীক্ষাত জালিয়াতিৰে ৰাজপত্ৰিত বিষয়া হিচাপে বাছনিভুক্ত হৈ বৰ্তমানো ৰাজ্যখনৰ গুৰুত্বপূৰ্ণ প্ৰশাসনিক পদত কৰ্মৰত অৱস্থাত আছে, সেই ৩৭ গৰাকী বিষয়া আৰক্ষীৰ তদন্তৰ আওতালৈ অহাটো নিশ্চিত হৈ পৰিছে ।

ৰাজ্য চৰকাৰে আৰক্ষীক এ পি এছ চি কেলেংকাৰী সন্দৰ্ভত সৰ্বমুঠ ৮ টা গোচৰৰ ফাইল খুলিবলৈ নিৰ্দেশ দিছে।

ইয়াৰে দুটা গোচৰ ৰুজু কৰা হেছিল ডিব্ৰুগড় থানা আৰু ভঙাগড় আৰক্ষী থানাত।