APDCL নিযুক্তি কেলংকাৰী সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ অভিযান।
মহানগৰীৰৰ ৬টা স্থানত অভিযান মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ।
তদন্তৰ অংশ হিচাপে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে ১০জন লোকক আটক কৰিছে।
সংবাদমাধ্যমত প্ৰকাশিত বাতৰি মতে ২০০৬ চনৰে পৰা এপিডিচিএলৰ বিশেষ কৰ্তব্যৰত বিষয়া হিচাপে কার্যনির্বাহ কৰা (অ’এছডি) দীপাংকৰ দিহিঙীয়াক আটক কৰা হৈছে।
অভিযোগ অনুসৰি এপিডিচিএলৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে ‘নেইকম ইম্প্রেছন্ছ’ নামৰ প্রতিষ্ঠানটোক দায়িত্ব দিয়াত মূল ভূমিকা গ্রহণ কৰিছিল দীপাংকৰ দিহিঙীয়াই।
দীপাংকৰ দিহিঙীয়াৰ লগতে মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষে গুৱাহাটী বিশ্ববিদ্যালয়ৰ শশাংক শইকীয়া, ত্রিদিৱ শৰ্মা আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিৰাপত্তাৰক্ষী বেবীলন কাকতিৰ লগতে ‘নেইকম ইম্প্রেছনছ’ৰ কংকণ শৰ্মা, কৌশিক দাস, বিশ্বজিৎ বৰ্মন, দুলুমণি ডেকা, জয়ন্ত ডেকা আৰু ফাৰহা আলমক গ্রেপ্তাৰ কৰে।
আনহাতে মূল অভিযুক্ত মহম্মদ আতাউৰ ৰহমান পলাতক।
গুৱাহাটী বিশ্ববিদ্যালয়তো অভিযান মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ।
আটক কৰা দহজনৰ ভিতৰত ৮জনক স্বাস্থ্য পৰীক্ষাৰ অন্তত পাণবজাৰ থানাত ৰখা হৈছে।
আনহাতে দুগৰাকী মহিলাক পাণবজাৰ মহিলা আৰক্ষী থানাত ৰখা হৈছে।
আটাইকেইজন অভিযুক্তকে আজি আদালতত হাজিৰ কৰোৱা হ’ব।
উল্লেখ্য যে ২০১৯ চনত এপিডিচিএলৰ ১,৬০০ কাৰ্যালয় সহায়ক পদৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত হৈছিল।
কিন্তু এই পৰীক্ষাত ব্যাপক বিসংগতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হোৱাত পৰীক্ষাৰ ফলাফল দিব পৰা নাছিল।









