অসম

APCC-ৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ মিছলীয়া সভাপতি ভূপেন বৰাঃ আমিনুল ইছলাম…

কাইলৈ অনুষ্ঠিত হ’ব ৰাজ্যসভাৰ নিৰ্বাচন।

নিৰ্বাচনৰ পূৰ্বেই কংগ্ৰেছ-AIUDFৰ মাজত দেখিবলৈ পোৱা গৈছে মতানৈক্যৰ।

ইয়াৰ মাজতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক লৈ বিস্ফোৰক মন্তব্য কৰিছে ধিঙৰ বিধায়ক আমিনুল ইছলামে।

আমিনুল ইছলামে কয়- ভুপেন বৰাই বিকৃত কথা কৈছে। APCC-ৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ মিছলীয়া সভাপতি ভূপেন বৰা।

লগতে তেওঁ কয়- ভুপেন বৰাই মিচা কথা কৈ AIUDF লৈ বাৰে বাৰে দোষ ঠেলিছে। বিধায়ক বিক্ৰী কৰি আজমল চাহাব গুছি গল বুলি মিচা কথা কৈছে ভুপেন বৰাই।

যদি সাহস আছে ফোন কল ৰেকৰ্ড ৰাজহুৱা কৰিবলৈও ভূপেন বৰাক দাবী জনাইছে আমিনুল ইছলামে।

তেওঁ কয়- তেখেতক দেখোন বিহপুৰীয়াত কমিচন বৰা বুলি হে জানে, গতিকে আমাক সমালোচনা কৰা বাদ দিয়ক।

AIUDF য়ে বিজেপিক প্ৰতিহত কৰাৰ বাবেহে ৰিপুণ বৰাক সহযোগিতা কৰিছিলোঁ বুলি মন্তব্য আমিনুল ইছলামৰ।

তেওঁ কয়- কংগ্ৰেছে যদুকুল ধ্বংসৰ আখৰা কৰি আছিল, AIUDFক দোষ দি কংগ্ৰেছে ভুল কৰাৰ ষৰযন্ত্ৰ এয়া , আমি এই গোন্ধ আগৰ পৰাই পাই আছিলোঁ। কিন্তু ৰিপুণ বৰাক আমি ভোট দিমেই।

ৰাজ্য সভালৈ যোৱাৰ আশাত আছিল ভুপেন বৰা, কিন্তু টিকত পালে ৰিপুণ বৰাই, যাৰ বাবে ৰিপুণ বৰাৰ বিৰুদ্ধে এইখন খেল কংগ্ৰেছৰ- আমিনুল ইছলামৰ মন্তব্য।

ভূপেন বৰাই ৰিপুন বৰাৰ ৰাজনৈতিক ভৱিষ্যত ধংশ কৰিব বাবেই তেনেধৰণৰ মন্তব্য দিছে।

AIUDF ৰ ১৫ গৰাকী বিধায়কেই ৰিপুন বৰাক ভোট দিব।

Leave a Reply

Your email address will not be published. Required fields are marked *