নিউজ ডেস্ক। কংগ্ৰেছ দলৰ বিধায়কৰ পাছত এইবাৰ বিৰােধী AIUDF দলৰ বিধায়কে যােগদান দিব শাসনাধিষ্ঠিত বিজেপি দলত।
বিজেপি দলৰ সদস্যতা গ্ৰহণৰ বাবে অৱধাৰিতভাৱেই AIUDF দলৰ প্ৰাথমিক সদস্যতা ত্যাগ কৰিলে ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰে।
বৃহস্পতিবাৰে দলীয় নেতৃত্বক নিজৰ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে তালুকদাৰে।
ইয়াৰ লগে লগে নিশ্চিত হৈ পৰিল AIUDFৰ বিধায়কৰ বিজেপি যাত্ৰা।
জানিব পৰা মতে, অহা ১ ছেপ্টেম্বৰত বিজেপিত শৰণ ল’ব ভৱানীপুৰৰ AIUDF বিধায়ক ফণীধৰ তালুকদাৰে।
ইয়াৰ লগতে বিধায়ক পদৰ পৰাও পদত্যাগ কৰিব তালুকদাৰে।
ইয়াৰ লগে লগে ৰাজ্যৰ আন এটা সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হােৱাটাে নিশ্চিত হৈ পৰিব।









