অসমঅসমীয়া

‘কামটাে বেয়া হৈছে, এনে হ’ব নালাগিছিল’, নিয়ােগ মেলাৰ বেমেজালিক লৈ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ

নিউজ ডেস্ক। নিয়ােগ মেলাৰ নামত ৰাজ্যজুৰি উদ্ভৱ হােৱা পৰিস্থিতিত হতাশ হ’ল ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱা।

সংশ্লিষ্ট বিভাগৰ কােনো সুস্পষ্ট পৰিকল্পনা অবিহনেই অনুষ্ঠিত এই নিয়ােগ মেলা চৰকাৰী নে বেচৰকাৰী চাকৰিৰ বাবে, তাক লৈও সৃষ্টি হ’ল বিভ্ৰান্তিৰ।

সামাজিক মাধ্যমতাে বহু নিবনুৱা যুৱক-যুৱতীয়ে নিয়ােগ মেলাৰ নামত সন্মুখীন হােৱা হাৰাশাস্তিৰ বিৰুদ্ধে উজাৰিলে ক্ষােভ।

Unemployed-young-Boys-Girls-during-the-JOB-FAIR-JOB-MELA-under-the-skill-Employment-Entrepreneurship

ইপিনে, এই সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

শুকুৰবাৰে মহানগৰীৰ আদাবাৰীত এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয়, ‘মই চন্দ্ৰমোহন পাটোৱাৰীক কৈছো যে এনেকুৱা নিয়ােগ মেলা পাতিলে বাতৰি কাকতত এটা বিজ্ঞাপন দিব লাগে। তাত স্পষ্টকৈ এই নিয়ােগ মেলা ব্যক্তিগত খণ্ডৰ কোম্পানীৰ কাৰণে বুলি উল্লেখ কৰিব লাগে।’

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে এনে নিয়ােগ মেলা ভাৰ্চুৱেলীও অনুষ্ঠিত কৰিব পৰা যায়। এনেধৰণে নিবনুৱা ডেকা ল’ৰাক এনে কৰিব নালাগিছিল। কামটো বেয়া হৈছে। যিসকল বিষয়া ইয়াৰ লগত জড়িত, তেওঁলোকৰ ওপৰত ব্যৱস্থা ল’বলৈ কোৱা হৈছে বুলিও প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে।

উল্লেখ্য যে ইতিমধ্যে মন্ত্ৰী চন্দ্ৰমােহন পাটােৱাৰীৰ নিৰ্দেশত নিয়ােগ মেলাৰ বিসংগতিৰ বাবে দুজনকৈ বিষয়াক নিলম্বিত কৰা হৈছে।

নিলম্বিত বিষয়া দুজন হৈছে দক্ষতা নিয়োগ আৰু উদ্যমিতা বিভাগৰ যুটীয়া সঞ্চালক টি ডংগেল আৰু সহকাৰী সঞ্চালিকা লিপিকা দত্ত।

লগতে চাওকঃ

ভুৱা নথিপত্ৰৰে শিক্ষকতা! মহাবিদ্যালয়ৰ অধ্যক্ষসহ গ্ৰেপ্তাৰ দুই শিক্ষক

Leave a Reply

Your email address will not be published. Required fields are marked *