অসমীয়া

উত্তৰ পূৱ দেশৰ কৰ্কট ৰোগৰ ৰাজধানী! ICMR ৰ সমীক্ষাত উদ্বেগজনক তথ্য

নিউজ ডেস্ক। এক উদ্বেগজনক খবৰ। দেশৰ ভিতৰত সৰ্বাধিক কেঞ্চাৰ ৰোগী আছে উত্তৰ পূৱত।

এই তথ্য প্ৰকাশ কৰিছে ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ (ICMR) আৰু ৰাষ্ট্ৰীয় ৰোগ তথ্য আৰু গৱেষণা কেন্দ্ৰই।

এক চৰকাৰী প্ৰতিবেদন অনুসৰি অৰুণাচল প্ৰদেশৰ পাপুম পাৰে জিলা আৰু মিজোৰামৰ আইজলত মহিলা আৰু পুৰুষৰ ক্ষেত্ৰত দেশত ক্ৰমান্বয়ে নতুন কৰ্কট ৰোগৰ ঘটনা সৰ্বাধিক নথিভুক্ত হৈছে।

ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ (ICMR) আৰু ৰাষ্ট্ৰীয় ৰোগ তথ্য আৰু গৱেষণা কেন্দ্ৰই প্ৰকাশ কৰা প্ৰতিবেদনত কোৱা হৈছে যে পাপুম পাৰে জিলাত মহিলাৰ প্ৰতি এক লাখ লোকৰ ২১৯.৮ গৰাকী কৰ্কট ৰোগত আক্ৰান্ত হৈছে।

তাৰ বিপৰীতে মিজোৰামৰ ৰাজধানী আইজলত পুৰুষৰ প্ৰতি এক লাখৰ ভিতৰত ২৬৯.৪ জন আক্ৰান্ত হৈছে।

এই সন্দৰ্ভত পাচিঘাটৰ বাকিন পাৰ্টিন জেনেৰেল হস্পিটেলৰ জনসংখ্যা আধাৰিত কৰ্কট পঞ্জীৰ মুখ্য অনুসন্ধানকাৰী ডাঃ কলিং জেৰাঙে কয়, উত্তৰ-পূব ভাৰত হৈছে দেশৰ কৰ্কট ৰোগৰ ৰাজধানী। সৰ্বাধিক বয়স-সমাযোজিত কৰ্কট ৰোগৰ হাৰৰ সৈতে উত্তৰ পূৱ দেশৰ শীৰ্ষ স্থানত আছে।

তেওঁ মঙলবাৰে কয় যে বেংগালুৰুৰ আইচিএমআৰ-এনচিডিআইআৰ অধীনত সম্পন্ন হোৱা এই প্ৰকল্পটোৱে ৰাষ্ট্ৰীয় কৰ্কট পঞ্জীয়ন কাৰ্যসূচীৰ অধীনত কৰ্কট ৰোগৰ প্ৰৱণতা সন্দৰ্ভত অধ্যয়ন কৰি আছে।

তেওঁ আশা প্ৰকাশ কৰে যে প্ৰকল্পটোৱে প্ৰকাশ কৰা কৰ্কট ৰোগৰ তথ্যৰ ভিত্তিত চৰকাৰে কৰ্কট ৰোগ প্ৰতিৰোধ, চিকিৎসা আৰু ব্যৱস্থাপনা সম্পৰ্কে নীতি নিৰ্ধাৰণৰ সিদ্ধান্ত ল’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *