আলফা(স্বাঃ)ত যোগদান কৰিবলৈ যোৱা সূৰ্য দাস ওৰফে মৌচম অসমক গ্ৰেপ্তাৰ আৰক্ষীৰ…

আলফা(স্বাঃ)ত যোগদান কৰিবলৈ যোৱা বৈঠালাংছৰ সূৰ্য দাস ওৰফে মৌচম অসমক গ্ৰেপ্তাৰ আৰক্ষীৰ।

লামডিঙত উজনিমুৱা বিজি এক্সপ্ৰেছৰ পৰা লামডিং আৰক্ষী আৰু ৰেলৱে আৰক্ষীৰ সহযোগত মঙলবাৰে নিশা বৈঠালাংছ’ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যুৱকজনক।

কামপুৰৰ পৰা ডিমাপুৰলৈ গৈ আছিল যুৱকজন।

যুৱকজন বৈঠালাংছ বৰছালি গাঁৱৰ ২৭ বছৰীয়া সূৰ্য্য দাস ওৰফে পুনা দাস ওৰফে মৌচম অসম।

আলফা নেতা অভিজিৎ অসম, আশ্ৰাজিতা অসম, অলংকিতা অসম আদিৰ লগত ফেচবুকৰ মাধ্যমেৰে যোগাযোগ কৰি ধৃত সূৰ্য্য দাসে আলফাত যোগদানৰ প্ৰস্তুতি চলাইছিল।

যোৱা ৮ ডিচেম্বৰত সূৰ্য্য দাসে মৌচম অসম নামেৰে থকা নিজৰ ফেচবুক একাউন্টত ‘এদিন ময়ো বন্দুক হাতত তুলি ল’ম নিজৰ দেশৰ বাবে’ বুলি আপডেট দিছিল।

Leave a Comment