বিধানসভাৰ অনুমতি অবিহনে ৰাজ্যই ঋণ ল’ব নোৱাৰেঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা…

বিজেপি চৰকাৰখন ঋণৰ বোজাত পোত খাই থকা বুলি বিধায়ক অখিল গগৈয়ে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰাকশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

বুধবাৰে বিধানসভা অধিৱেশনত মুখ্যমন্ত্ৰীয়ে বিজেপি চৰকাৰে লোৱা ঋণৰ সন্দৰ্ভত সদনত তথ্য দাঙি ধৰে। 

বিধানসভাৰ অনুমতি অবিহনে কোনো ৰাজ্যই ঋণ ল’ব নোৱাৰে। লগতে ঋণৰ বাবে কেন্দ্ৰৰো অনুমতি লাগিব বুলি সদনত মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।

কংগ্ৰেছৰ সমানে ঋণ লোৱাৰ কথা প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয়, ‘সম্পদৰ ওপৰত নিৰ্ভৰ কৰে ঋণৰ পৰিমাণ, ৩.০৫ শতাংশ ঋণ লোৱাৰ অনুমতি প্ৰদান কৰিছে সদনে’। সেই নিয়ম মানি ৰাজ্য চৰকাৰে ২২ শতাংশ ঋণ লৈছে।

ৰাজ্যত ক্ৰমাগতভাৱে জিডিপিও বৃদ্ধি পাইছে। ক’ভিডৰ সময়ত ১২.৫ শতাংশ জিডিপি বৃদ্ধি হোৱাৰ লগতে ঋণৰ সঠিক বিনিয়োগ হ’লে ৰাজ্যৰ উন্নয়নো হ’ব বুলি প্ৰকাশ মুখ্যমন্ত্ৰীৰ।

আনহাতে চলিত বৰ্ষত গৌৰৱেৰে মুখ্যমন্ত্ৰী শৰ্মাই ১৪ হাজাৰ কোটি টকাৰ ঋণ ল’ম বুলি প্ৰকাশ কৰাৰ লগতে সদনত ঋণৰ প্ৰয়োজনীয়তা বিচাৰৰ বাবে ৫ জনীয়া সদন কমিটি গঠনৰ প্ৰস্তাৱ, বিৰোধীৰ দাবী মতে শ্বেতপত্ৰ প্ৰকাশৰ আশ্বাস প্ৰদান কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

Leave a Comment