বৰপেটাৰ হাউলীত নিশা ভয়ংকৰ ঘটনা।
অপৰাধীৰ সন্ধানত যোৱা আৰক্ষীৰ ওপৰত আক্ৰমণ ২০০জনীয়া দুৰ্বৃত্তৰ।
বাক্সা জিলাৰ গোৱৰ্ধনা আৰক্ষী থানাৰ অধীনৰ হেলনাৰ পাম গাঁৱলৈ এজন অভিযুক্তৰ সন্ধানত গৈছিল আৰক্ষী দলটো।
নিশা অভিযুক্তৰ সন্ধানত যোৱা আৰক্ষীৰ দলটোৰ ওপৰত প্ৰায় দুশজনীয়া দলে দা, লাঠি আৰু আন অস্ত্ৰ-শস্ত্ৰৰে আক্ৰমণ চলায়।
উক্ত আক্ৰমণত আৰক্ষীৰ সৈতে যোৱা চায়েদ আলী নামৰ এজন লোক আহত হয়।
উক্ত আক্ৰমণৰ পৰা হাত সাৰিবলৈ আৰু আক্ৰমণকাৰীসকলক ছত্ৰভংগ দিয়াবলৈ অৱশেষত আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হয়।
অৱশ্যে গুলি চালনাৰ ফলত কোনো লোক হতাহত হোৱা সম্পৰ্কে কোনো তথ্য পোৱা নাই৷
ইপিনে উক্ত আক্ৰমণত আৰক্ষীৰ কোনো লোক আঘাতপ্ৰাপ্ত হৈছে নে নাই সেই সম্পৰ্কেও আৰক্ষীয়ে সদৰি কৰা নাই কোনো কথা৷
এই ঘটনা সন্দৰ্ভত নিশা আৰক্ষীয়ে অভিযান চলাই ৰাজিবুল আলী, কামাল মীৰ আৰু চানিদুল ইছলাম নামৰ তিনিজন লোকক আটক কৰিছে আৰক্ষীয়ে।
ইতিমধ্যে ঘটনাস্থলীত বৰপেটাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰদীপ শইকীয়াৰ লগতে আৰক্ষীৰ দল উপস্থিত হৈ আৰম্ভ কৰিছে ঘটনাৰ অনুসন্ধান।
অপৰাধীক কৰায়ত্ব কৰাৰ বাবে যোৱা খোদ আৰক্ষীৰ ওপৰতেই বৰপেটাত সংঘটিত হোৱা দলৱদ্ধ আক্ৰমণৰ ঘটনা আৰু আৰক্ষীৰ সহায়কাৰী এজন লোক আঘাতপ্ৰাপ্ত হোৱা ঘটনাক লৈ অঞ্চলজুৰি অব্যাহত আছে তীব্ৰ চাঞ্চল্য ৷









