আজি গুৱাহাটীলৈ আহিব পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী…

আজি গুৱাহাটীলৈ আহিব পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী।

দেশৰ অন্য ৰাজ্যতো তৃণমূল কংগ্ৰেছ তথা নিজৰ শক্তিশালী ৰূপ বিস্তাৰ কৰাৰ পৰিকল্পনা ইতিমধ্যেই গ্ৰহণ কৰিছে পশ্চিম বংগৰ নেত্ৰী গৰাকীয়ে।

পশ্চিম বংগৰ লগতে দেশৰ ৰাজনৈতিক পথাৰত ক্ৰমান্বয়ে অধিক সক্ৰিয় হৈ পৰিছে মমতা দিদি।

দ্বিতীয়বাৰলৈ পশ্চিম বংগত মুখ্যমন্ত্ৰীৰ আসন দখল কৰাৰ পিছতে অন্যান্য ৰাজ্যলৈও নিজৰ দলক শক্তিশালী ৰূপেৰে লৈ যোৱা পৰিকল্পনা কৰিছে।

ইতিমধ্যে ত্ৰিপুৰাত শক্তিশালী ৰূপত অৱস্থান কৰিছে তৃণমূল কংগ্ৰেছে।

সেই উদ্দেশ্যেই আজি ২১ ডিচেম্বৰ মঙলবাৰে গুৱাহাটী উপস্থিত হ’ব মমতা বেনাৰ্জী।

উপস্থিত হৈয়ে মমতা দিদিয়ে দৰ্শন কৰিব কামাখ্যা মন্দিৰ।

তাৰ পিছতে দলীয় নেতৃত্বৰ সৈতে এখন বৈঠকতো মিলিত হোৱাৰ কথা পশ্চিম বংগৰ মুখ্যমন্ত্ৰীগৰাকীৰ।

Leave a Comment