অসম

বন বিভাগে ট্ৰেংকুলাইজ কৰিলে নাজিৰাত সন্ত্ৰাসৰ সৃষ্টি কৰি অহা গঁড় দুটাক…

শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তত সন্ত্ৰাসৰ সৃষ্টি কৰি অহা গঁড় দুটাক অৱশেষত ট্ৰেংকুলাইজ কৰিলে বন বিভাগে।

ড্ৰোণ কেমেৰাৰে জৰিয়তে গঁড়ৰ সন্ধান লাভ কৰে বন বিভাগে।

নাজিৰাৰ লিগিৰীপুখুৰী অঞ্চলত ট্ৰেংকুলাইজ কৰা হয় গঁড় দুটাক।

ৱাইল্ড লাইফ ট্ৰাষ্ট অফ ইণ্ডিয়া আৰু বন বিভাগৰ ৩ জনীয়া চিকিৎসকৰ দলে গঁড় দুটাক ট্ৰেংকুলাইজ কৰে।

বিগত কিছুদিন ধৰি নাজিৰাত দুটা গঁড় মুক্ত বিচৰণ কৰি সন্ত্ৰাসৰ সৃষ্টি কৰিছিল।

বন বিভাগে গঁড় দুটাক খেদি পঠিয়াবলৈ চেষ্টা চলাইও ব্যৰ্থ হৈছিল। অৱশেষত বন বিভাগে গঁড় দুটাক ট্ৰেংকুলাইজ কৰিবলৈ সক্ষম হয়।

বন বিভাগে প্ৰথমে এটা গঁড়ক ট্ৰেংকুলাইজ কৰি আনটো গঁড়ৰ সন্ধান চলায়। বন বিভাগে আনটো গঁড়ৰ সন্ধান লাভ কৰে ড্ৰোণ কেমেৰাৰে জৰিয়তে।

আনটো গঁড়ৰ সন্ধান লাভ কৰি অৱশেষত সেইটোকো ট্ৰেংকুলাইজ কৰে৷

ট্ৰেংকুলাইজ কৰা গঁড় দুটাক পুনৰ সংস্থাপনৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ লৈ যোৱা হ’ব।

উল্লেখযোগ্য যে বিগত এটা সপ্তাহ ধৰি গঁড় দুটাই জিলাখনৰ বিভিন্ন জনাঞ্চলত প্ৰৱেশ কৰি এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *