ইতিহাস হোৱাৰ পথত ৰেডিঅ’! বন্ধ হৈ যাব আকাশবাণীৰ মিডিয়াম ৱেভ প্ৰেৰক যন্ত্ৰ…

ইতিহাস হোৱাৰ পথত আপোনাৰ মোৰ বহু স্মৃতি বিজৰিত ৰেডিঅ’।

বন্ধ হৈ যাব আকাশবাণীৰ মিডিয়াম ৱেভ প্ৰেৰক যন্ত্ৰ।

আকাশবাণীৰ এই সিদ্ধান্তই এতিয়া সচকিত কৰি তুলিছে সচেতন ৰাইজক।

গুৱাহাটীস্থিত আকাশাবাণী কেন্দ্ৰটোৰো মিডিয়াম ৱেভ প্ৰেৰক যন্ত্ৰ আগন্তুক ৩১ ডিচেম্বৰৰ পৰা বন্ধ হৈ যাব।

আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰটোৰ ট্ৰেন্সমিটাৰটোৱে মিডিয়াম ৱেভৰ ৪১১.৫ মিটাৰত অৰ্থাৎ ৭২৯ কিল’হাৰ্টজ কম্পনাংকত এক বিশাল ভৌগোলিক অঞ্চললৈ সেৱা আগবঢ়াই আহিছে।

শেহতীয়াকৈ এই ট্ৰেন্সমিটাৰ বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি ২০২২ চনৰ ১ জানুৱাৰীৰ পৰাই কেন্দ্ৰটোৰ ক শাখাৰ সেৱা এফ এম চেনেলটো (মহাবাহু) আৰু মোবাইল এপত উপলব্ধ কৰা হ’ব।

মন কৰিবলগীয়া য়ে বৰ্তমানেও চলি থকা মিডিয়াম ৱেভৰ এ এম সেৱা ২০০ কিলোমিটাৰ ব্যসাৰ্ধলৈ বৃত্তীয় অঞ্চললৈ উপলব্ধ।

আনহাতে এফ এম সেৱা মাত্ৰ ৪০ ৰ পৰা ৫০ কিলোমিটাৰ ব্যসাৰ্ধৰ এলেকালৈহে প্ৰচাৰিত।

ইয়াৰোপৰি এফ এম সেৱা গ্ৰহণ কৰিবলৈ মোবাইল এপ পৃথিৱীৰ সকলো প্ৰান্ততে উপলব্ধ যদিও মিডিয়াম ৱেভৰ প্ৰেৰক শুনা হেজাৰ হেজাৰ শ্ৰুতাৰ নাই স্মাৰ্টফোন। যাৰ বাবে এই লোকসকল বঞ্চিত হ’ব লাগিব।

জানিব পৰা মতে এ এম প্ৰেৰণৰ বাবে প্ৰেৰক যন্ত্ৰৰ মেৰামতিৰ ব্যয় বৃদ্ধি হৈ আহিছে। সেয়েহে আকাশবাণীয়ে এ এম প্ৰেৰক যন্ত্ৰৰ ৬ টা যন্ত্ৰ বন্ধ কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কিন্তু মেৰামতিৰ ব্যয় বৃদ্ধিৰ বাবেই মিডিয়াম ৱেভৰ এ এম সেৱা বন্ধ কৰিবলৈ যি সিদ্ধান্ত গ্ৰহণ কৰিছে সেই সিদ্ধান্তক মানি লবলৈ বিচৰা নাই আকাশবাণীৰ শ্ৰুতাই।

Leave a Comment