অসম

আঢ়ৈ কোটি টকাৰ বাৰ্মিজ চুপাৰি জ্বলাই নষ্ট কৰিলে আৰক্ষীয়ে…

হাইলাকান্দিত বাৰ্মিজ চুপাৰিৰ বিৰুদ্ধে সৰৱ আৰক্ষী।

হাইলাকান্দিত আৰক্ষীয়ে জ্বলাই দিলে আঢ়ৈ কোটি টকাৰ বাৰ্মিজ চুপাৰি।

দেওবাৰে হাইলাকান্দি জিলাৰ গাগলাছেড়া এলেকাত জব্দ কৃত ৫৫ কুইন্টল চুপাৰি জ্বলাই ধ্বংস কৰে আৰক্ষীয়ে।

যোৱ‍া অক্টোবৰ মাহতে হাইলাকান্দি জিলাৰ লালা থানা এলেকাৰ পৰা আৰক্ষীয়ে জব্দ কৰিছিলে প্ৰায় ৫৫ কুইন্টল বাৰ্মিজ চুপাৰি।

কিন্তু এই চুপাৰি খিনিৰ কোনো গৰাকী নথকাৰ বাবে আৰক্ষী দ্বাৰস্থ হয় ন্যায়ালয়ৰ।

লগতে খাদ্য সুৰক্ষা বিভাগে এই চুপাৰি সমূহ মানুহে খোৱাৰ অনুপযোগী বুলি ঘোষণা কৰে।

ইয়াৰ পিছতে ন্যায়ালয়ৰ নিৰ্দেশত দেওবাৰে আৰক্ষীয়ে জুই লগাই ধ্বংস কৰে চুপাৰিখিনি।

হাইলাকান্দি জিলাৰ গাগলাছেড়া এলেকাত দেওবাৰে আৰক্ষীয়ে জুই লগাই ধ্বংস কৰা এই ৫৫ কুইন্টল বাৰ্মিজ চুপাৰি খিনিৰ বজাৰ মূল্য প্ৰায় আঢ়ৈ কোটি টকা হব বুলি জনাইছে হাইলাকান্দিৰ আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *