অসমঅসমীয়া

মৰ্মান্তিক! ট্ৰেক্টৰৰ খুন্দাত প্ৰাণ গ’ল ৬ বছৰীয়া শিশুৰ

নিউজ ডেস্ক। পুনৰ সংঘটিত হ’ল এক শােকাৱহ পথ দুৰ্ঘটনা, য’ত অকালতে প্ৰাণ হেৰুৱালে এটি ৬ বছৰীয়া শিশুৱে।

এইবাৰ ঘটনাৰ স্থান কোকৰাঝাৰ জিলাৰ ছালাকাটী উপ-আৰক্ষী চকীৰ অন্তৰ্গত বড়ো কুৰ্শাকাটী।

শুকুৰবাৰে প্ৰায় ৯.৩০ বজাত সংঘটিত এই দুৰ্ঘটনাত এখন ট্ৰেক্টৰৰ খুন্দাত এটি শিশুটিৰ মৃত্যু হোৱা ঘটনাই ক্ষুব্ধ কৰি তুলিছে অঞ্চলবাসীক।

মৃত শিশুটিৰ নামৰ খনিন বসুমতাৰী বুলি জানিব পৰা গৈছে।

ঘটনাৰ খবৰ পোৱাৰ লগে লগে ছালাকাটী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ শিশুটিক কোকৰাঝাৰ এম আৰ এন হস্পিতালত ভৰ্তি কৰায় যদিও শিশুটিৰ মৃত্যু হোৱা বুলি চিকিৎসকে ঘােষণা কৰে।

দুৰ্ঘটনা সংঘটিত কৰিয়েই ট্ৰেক্টৰখনৰ চালকজনে পলায়ন কৰা বুলি জানিব পৰা গৈছে।

লগতে চাওকঃ

বিয়াৰ প্ৰস্তাৱ অস্বীকাৰ প্ৰেমিকৰ, প্ৰতিশােধ ল’বলৈ ভয়ংকৰ কাণ্ড কৰিলে অন্তঃসত্বা প্ৰেমিকাই

Leave a Reply

Your email address will not be published. Required fields are marked *