অসম

শোকাৱহ! বিদ্যুতৰ তাঁৰত লাগি দঁতাল হাতীৰ কৰুণ মৃত্যু…

ৰাজ্যত পুনৰ কৰুণ মৃত্যুক সাৱটিলে এটি বন্যহস্তীয়ে।

বিদ্যুতৰ তাঁৰত লাগি এটা দঁতাল হাতীৰ কৰুণ মৃত্যু।

গোৱালপাৰা জিলাৰ লক্ষীপুৰ আঞ্চলিক বন বিভাগৰ অধীনৰ গুৱালগুলি গাঁৱত সংঘটিত এই হৃদয়বিদাৰক ঘটনা।

নিশা খাদ্যৰ সন্ধানত ওলাই অহা এটি দঁতাল বন্যহস্তীয়ে দুস্কৃতিকাৰীয়ে আঁৰি থোৱা বৈদ্যুতিক তাঁৰত লাগি মৃত্যু ঘটাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় সচেতন ৰাইজে।

উল্লেখযোগ্য যে,সমগ্ৰ জিলাখনৰ লগতে লক্ষীপুৰত হাতী-মানুহৰ সংঘাতে শেহতীয়াকৈ ভয়াৱহ ৰূপ ধাৰণ কৰিছে।

বিগত প্ৰায় এটা বৰ্ষ ধৰি ৪৪/৪৫ টাৰ এটি বৃহৎ বন্যহস্তীৰ জাকে লক্ষীপুৰ অঞ্চলত উপদ্ৰৱ চলাই গঞা ৰাইজৰ নিদ্ৰা হৰণ কৰি আহিছে।

বিশেষকৈ নিশা হলেই খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰি হাতীৰ জাকটোৱে ঘৰ-দুৱাৰৰ লগতে খেতি পথাৰ তহিলং কৰি আহিছে।

চলিত বৰ্ষতে অকল লক্ষীপুৰ অঞ্চলতে প্ৰায় ১২জন লোকে হাতীৰ আক্ৰমণত নিহত হৈছে বুলি জানিব পৰা গৈছে।

আনহাতে এঘৰ লোকে বন্যহস্তীৰ গতি বিধি নিৰীক্ষণ কৰাৰ বাবে চৌহদত উচ্চ ক্ষমতাৰ লাইট সংস্থাপন কৰিছিল। বন্যহস্তীৰ জাকটোৱে সংস্থাপিত লাইটৰ খুঁটা ভাঙি তাঁৰ চিঙি পেলোৱাত বিদ্যুৎপৃষ্ঠ হৈয়ে হাতীটোৰ মৃত্যু ঘটা বুলি বন বিভাগৰ লোকে সদৰি কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *