কল পটুৱা আৰু কল পাতেৰে সজা এখন ব্যতিক্ৰমী ৰভা, সামাজিক মাধ্যমত ভাইৰেল…

কল পটুৱা আৰু কল পাতেৰে সজা এখন ব্যতিক্ৰমী বিবাহ মণ্ডপে লাভ কৰিছে বিশেষ চৰ্চা।

ঢকুৱাখনা মৰনৈ বেবেজীয়াৰ কাঠ গাঁৱত আয়োজন কৰা হৈছে এই ব্যতিক্ৰমী বিয়াখনৰ।

সাধাৰণতে বৰ্তমান সময়ত দেখা পোৱা ডাঙৰ ডাঙৰ পেণ্ডেল অথবা চিকমিকিয়া লাইটৰ পৰিৱৰ্তে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি আয়োজন কৰা হৈছে এই বিয়াখন।

কলগছৰ পাত-পটুৱা ব্যৱহাৰ কৰি  সাজিছে ৰভাখন।

image 2021 12 17 161825
কল পটুৱা আৰু কল পাতেৰে সজা এখন ব্যতিক্ৰমী ৰভা, সামাজিক মাধ্যমত ভাইৰেল... 2

প্লাষ্টিক আৰু পলিথিনৰ পৰিৱৰ্তে বিয়াখনত ব্যৱহাৰ কৰা হৈছে প্ৰকৃতি প্ৰদত্ত এই সামগ্ৰীবোৰ।

যাৰ বাবে বহুতৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দুত পৰিণত হৈছে এই বিয়াখন। 

অতীতৰ পৰম্পৰাক ধৰি ৰখাৰ প্ৰচেষ্টা হিচাপে পৰিয়ালটোৱে এনে ধৰণৰ ৰভা সাজিছে বুলি প্ৰকাশ কৰিছে পৰিয়ালটোৱে।

কেৱল ৰভাই নহয় বিবাহৰ আন আন কাৰ্যতো তেনেদৰে কলগছ ব্যৱহাৰ কৰি পৰিৱেশ সুৰক্ষাৰ দিশটোতো গুৰুত্ব প্ৰদান কৰিছে।

লগতে চাওকঃ

বিয়াৰ প্ৰস্তাৱ অস্বীকাৰ প্ৰেমিকৰ, প্ৰতিশােধ ল’বলৈ ভয়ংকৰ কাণ্ড কৰিলে অন্তঃসত্বা প্ৰেমিকাই

শােকাৱহ! মহানগৰীত ক’ভিড-১৯ত স্বামীৰ মৃত্যুৰ এপষেক পাছত প্ৰাণ ত্যাগ পত্নীৰ

Leave a Comment