অসম

উৎকোচ লওঁতেই হাতে লোতে ধৰা পৰিল লাট মণ্ডল…

উৎকোচ লওঁতেই হাতে লোতে ধৰা পৰিল লাট মণ্ডল।

দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে এক অভিযান চলাই ৰাজহ বিভাগৰ এজন বিষয়াক গ্ৰেপ্তাৰ কৰে।

উৎকোচ গ্ৰহণ কৰি থকা অৱস্থাত হাতে লোতে ধৰা পেলোৱা চৰকাৰী লাট মণ্ডলজনক পিছত গ্ৰেপ্তাৰ কৰা হয়।

গ্ৰেপ্তাৰ হোৱা লাট মণ্ডল গৰাকী হৈছে হোজাই ৰাজহ চক্ৰ কাৰ্যালয়ৰ দেবানন্দ বৰা।

ইতিমধ্যে তেওঁৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে।

টুইটাৰত এই কথা সদৰি কৰিছে অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে।

Leave a Reply

Your email address will not be published. Required fields are marked *