ৰাজ্যত পুনৰ বন্যহস্তীৰ আক্ৰমণৰ ঘটনা।
এইবাৰ জামুগুৰিহাটত বন্যহস্তীৰ আক্ৰমণত প্ৰাণ হেৰুৱালে দুই কণমানিয়ে।
জামুগুৰিহাটৰ ১নং বালিজুৰিত এই কৰুণ ঘটনা সংঘটিত হৈছে।
নামেৰী বনাঞ্চলৰ পৰা ওলাই অহা বনৰীয়া হাতীয়ে নিতৌ ঘৰ দুৱাৰ ভাঙি তহিলং কৰাৰ লগতে নষ্ট কৰি আহিছে খেতিপথাৰ আদি৷

বুধবাৰে নিশা ২ মান বজাত এটা বনৰীয়া হাতীয়ে ১নং বালিজুৰিৰ নিকুদ্দিন ছালাৰ ঘৰটো ভাঙি পেলোৱাৰ লগতে শুই থকা অৱস্থাত তেওঁৰ দুই সন্তান ক্ৰমে ৯ বছৰীয়া কাৰমেলা ছাল আৰু সাত বছৰীয়া ইষ্টিফান ছালক আক্ৰমণ কৰে।
আক্ৰমণত বেয়াকৈ আঘাত পাই দুয়ো শিশুৱে।
ততাতৈয়াকৈ দুয়ো সন্তানক উত্তৰ জামুগুৰি চিকিৎসালয়লৈ লৈ নিয়ে যদিও দুয়োৰে মৃত্যু ঘটে।
লগতে চাওকঃ
ভয়ংকৰ কাণ্ড! পিতৃ-মাতৃৰ ম’বাইল ফোন কেন্দ্ৰিক কাজিয়াত প্ৰাণ গ’ল ৩ বছৰীয়া শিশুৰ









