অসম

মণিপুৰৰ ইম্ফলত ভয়ংকৰ বোমা বিস্ফোৰণ…

মণিপুৰৰ ইম্ফলত ভয়ংকৰ বোমা বিস্ফোৰণ।

ইম্ফলৰ পূব জিলাৰ লামলং বজাৰত সংঘটিত হয় এই শক্তিশালী বোমা বিস্ফোৰণৰ ঘটনা।

বুধবাৰে পুৱা ইম্ফলৰ লামলং অঞ্চলৰ টিনচিড পথৰ এখন ফাৰ্মাচীত সংঘটিত হয় এই বিস্ফোৰণ।

প্ৰথামিক খবৰ অনুসৰি ফাৰ্মাচীখনত আই ই ডি বিস্ফোৰণ হৈছিল।

প্ৰতিবেদন অনুসৰি বোমাটো এটা ইম্প্ৰুভাইজড এক্সপ্লোচিভ ডিভাইচ বুলি সন্দেহ কৰা হৈছিল।

বিস্ফোৰণৰ ফলত হোৱা জুইৰ ফলত ফাৰ্মাচীৰ ঔষধ, আচবাব আৰু অন্যান্য সামগ্ৰী জ্বলি চাৰখাৰ হয়।

পুৱা প্ৰায় ৬-৩০ বজাত সংঘটিত হোৱা এই বিস্ফোৰণটোত সৌভাগ্যক্ৰমে কোনো ব্যক্তি হতাহতি হোৱা নাই।

এই বিস্ফোৰণৰ পিছতেই ইম্ফলত নিৰাপত্তা বৃদ্ধি কৰা হৈছে আৰু আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *