ৰাষ্ট্ৰীয়অসমীয়া

কুন্নুৰ হেলিকপ্টাৰ দুৰ্ঘটনাত আহত বায়ুসেনাৰ গ্ৰুপ কেপ্টেইন বৰুণ সিঙৰ মৃত্যু

নিউজ ডেস্ক। অৱশেষত মৃত্যুৰে যুঁজি অৱশেষত প্ৰাণ ত্যাগ কৰিলে বায়ু সেনাৰ গ্ৰুপ কেপ্টেইন বৰুণ সিঙে।

FGoecrp-WUAAA9lo

যােৱা ৮ ডিচেম্বৰত দেশৰ তিনি সেনাৰ মুৰব্বী বিপিন ৰাৱাটৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ এসপ্তাহ পাছত মৃত্যুক আঁকােৱালি ল’লে দুৰ্ঘটনাত পতিত হেলিকপ্টাৰখনৰ সহযাত্ৰী গ্ৰুপ কেপ্টেইন বৰুণ সিঙে।

ভাৰতীয় বায়ু সেনাই টুইটাৰত এই কথা প্ৰকাশ কৰে।

cats-6

পত্নী-দুই সন্তানৰ সৈতে বৰুণ সিঙ

প্ৰয়াত বায়ু সৈনিকলৈ শ্ৰদ্ধাঞ্জলি জনােৱাৰ লগতে পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে বায়ু সেনাই।

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মােদী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙ, গৃহমন্ত্ৰী অমিত শ্বাহে টুইট কৰি গ্ৰুপ জােৱানজনলৈ শ্ৰদ্ধাঞ্জলি জনােৱাৰ লগতে পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

উল্লেখ্য যে সংকটজনক অৱস্থাত বৰুণ সিঙ বাংগালুৰুৰ কামাণ্ড হাস্পতালত চিকিৎসাধীন হৈ আছিল।

যোৱা ৮ তাৰিখে তামিলনাডুৰ কুন্নুৰত এই ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনাত বিপিন ৰাৱাট, তেওঁ পত্নীসহ ১৩ জন লোক নিহত হৈছিল।

গ্ৰুপ কেপ্টেইন বৰুণ সিঙক লৈ এই দুৰ্ঘটনাত মৃত্যুৰ সংখ্যা ১৪ জনলৈ বৃদ্ধি পাইছে।

লগতে চাওকঃ

মৰ্মান্তিক! স্কুটীৰে ঘৰলৈ ওভতাৰ পথত দুৰ্ঘটনাত অকালতে প্ৰাণ গ’ল চুফিয়াৰ

Leave a Reply

Your email address will not be published. Required fields are marked *