অসম

আজি ১১বজাত ঘোষণা কৰা হ’ব LP-UP টেট পৰীক্ষা ২০২১ৰ ফলাফল, কেনেকৈ চাব ফলাফল?

আজি অৰ্থাৎ বুধবাৰে ঘোষিত হ’ব LP-UP টেটৰ ফলাফল।

দিনৰ ১১ বজাত নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ যোগ্যতা পৰীক্ষা চমুকৈ টেট পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব।

৩১ অক্টোবৰত নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ বাবে টেট পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল।

এক টুইটযোগে ৰাজ্যৰ শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে টেটৰ ফলাফল ঘোষণা কৰা হ’ব বুলি উল্লেখ কৰে।

টেট পৰীক্ষাত অৱতীৰ্ণ হোৱা শিক্ষাৰ্থী সকলে ssa.assam.gov.in আৰু sebaonline.org ৱেবছাইটত চাব পাৰিব ফলাফল।

প্ৰাৰ্থীসকলে ১৫ ডিচেম্বৰৰ পুৱা ১১ বজাৰ পৰা ৩১ডিচেম্বৰলৈ ডাউনলোড কৰিব পাৰিব ফলাফলৰ স্ক’ৰকাৰ্ডসমূহ।

লগতে, টেট পৰীক্ষাত অৱতীৰ্ণ প্ৰাৰ্থীসকলে ১৭ ডিচেম্বৰৰ পৰা OMR SHEET আৰু ANSWER KEY ডাউনলড কৰিব পাৰিব।

ইয়াৰ বাবে প্ৰাৰ্থীয়ে পৰিশোধ কৰিব লাগিব ২০০ টকা।

https://ssa.assam.gov.in আৰু https://sebaonline.org ৱেবচাইটৰ জৰিয়তেই এইসমূহ ডাউনলড কৰিব পাৰিব প্ৰাৰ্থীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *