অসম

আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ ৩টাকৈ কুখ্যাত ড্ৰাগছ মাফিয়া, জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ…

ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে আৰক্ষীৰ অভিযান।

পুনৰ আৰক্ষীৰ জালত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ তিনিটাকৈ ড্ৰাগছ মাফিয়া।

হাজোৰ বৰ্ণিত আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হৈছে তিনিটাকৈ কুখ্যাত ড্ৰাগছ মাফিয়া।

লগতে উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ সন্দেহজনক হেৰ’ইনৰ লগতে নিচাযুক্ত টেবলেট আৰু কাফ চিৰাপ।

আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা ড্ৰাগছ মাফিয়া কেইটা হ’ল- ভয়নুৰ আলী, ইফতিকাৰ আলী, আৰু ইমৰাণ আলীক।

জানিব পৰা মতে দীৰ্ঘ দিন ধৰি আৰক্ষীৰ চকুত ধূলি দি এই তিনি মাফিয়াই চলাই আহিছিল ড্ৰাগছৰ ব্যৱসায়।

সোমবাৰে ওৰে নিশা চলা এই অভিযানকালত আৰক্ষীয়ে, ভয়নুৰ আলীৰ ঘৰৰ পৰা ২০টাকৈ সন্দেহজনক হে’ৰ

লগতে ইফতিকাৰ আলীৰ ঘৰৰ পৰা ১৩ গ্ৰাম সন্ধেহজনক হে’ৰইন আৰু কেইবাটাও খালি কন্টেইনাৰ আৰু ইমৰান আলী নামৰ ড্ৰাগছ মাফিয়াটোৰ ঘৰৰ পৰা জব্দ কৰিছে কিছু পৰিমাণৰ সন্ধেহজনক হে’ৰইন।

ইতিমধ্যে এই কুখ্যাত তিনি ড্ৰাগছ মাফিয়াক হাজো আৰক্ষীয়ে আৰু অধিক তথ্যৰ বাবে অব্যাহত ৰাখিছে মাৰাথান জেৰা।

Leave a Reply

Your email address will not be published. Required fields are marked *