আৰক্ষীৰ অভিযানত জব্দ ৮টাকৈ চোৰাং গৰুসহ বলেৰো বাহন, ৫জনক আটক…

কামৰূপ জিলাৰ বকো আৰক্ষীয়ে চোৰাং গৰুৰ বিৰুদ্ধে চলোৱা অভিযানত সফলতা লাভ কৰিবলৈ সক্ষম হয়৷

গোপন সূত্রৰ ভিত্তিত আৰক্ষীয়ে চলোৱা অভিযানত জব্দ কৰিবলৈ সক্ষম হয় গাডীসহ আঠটাকৈ চোৰাং গৰু৷

নিশা ধূপধাৰাৰ পৰা বকো অভিমুখে গৈ থকা অৱস্থাত জব্দ কৰে চোৰাং গৰুকেইটাৰ লগতে মহিন্দ্র বলেৰো পিক আপ গাডী এখন৷

আৰক্ষীয়ে জব্দ কৰা গাডীখনৰ নম্বৰ হৈছে এ এছ–২৫ ই চি–২৮৭২৷

এই অভিযানত চোৰাং গৰু সৰবৰাহৰ লগত জডিত ৫জন লোকক আটক কৰে আৰক্ষীয়ে৷

ধৃত লোককেইজন ক্রমে আব্দুল কাদেৰ (৪০), আমিনুল ইছলাম (৩১), ৰফিকুল ইছলাম (৩২), আব্দুছ ছালাম (২১), আজাদুল হক (২৩)৷

Leave a Comment