অসম

বিভিন্ন দাবীৰে গুৱাহাটী বিশ্ববিদ্যালয়ত এছ এফ আইৰ প্ৰতিবাদ…

বিভিন্ন দাবীৰে গুৱাহাটী বিশ্ববিদ্যালয়ত এছ এফ আইৰ প্ৰতিবাদ।

এছ এফ আইৰ ৰাজ্যিক কমিটিৰ উদ্যোগত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা সময়মতে অনুষ্ঠিত কৰা, পৰীক্ষাৰ ফলাফল সময়মতে ঘোষণা কৰা আদি কেতবোৰ দাবীৰে সোমবাৰে বিশ্ববিদ্যালয়ৰ চৌহদত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।

প্ৰতিবাদকাৰীসকলে হাতে হাতে বেনাৰ, ফ্লেগ লৈ বিভিন্ন শ্ল’গান দি বিশ্ববিদ্যালয়ৰ চৌহদ উত্তাল কৰি তোলে।

কাৰ্যসূচীত অংশ লৈ এছ এফ আইৰ ৰাজ্যিক সম্পাদক নিৰংকুশ নাথে কয় যে, এছ এফ আই আৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ লগত বিশ্ববিদ্যালয়ৰ বিভিন্ন সমস্যা সমাধান সম্পৰ্কত ২০১৯ চনৰ ২৮ জুলাইত হোৱা আলোচনাত এক ইতিবাচক সঁহাৰি আগবঢ়াইছিল আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিভিন্ন দিশ উন্নত হ’ব বুলি আমাক আশ্বস্ত কৰিছিল। কিন্তু শেহতীয়া কিছু কৰ্মকাণ্ডত আমি বাৰুকৈ হতাশ হৈছোঁ। সেয়ে পুনৰ আমি আন্দোলনৰ পথ গ্ৰহণ কৰিবলৈ বাধ্য হৈছো।

এছ এফ আইৰ তৰফৰ বিশ্ববিদ্যালয়ৰ সকলো পৰীক্ষাৰ ফলাফল ঘোষণা কৰা, বেক পৰীক্ষাসমূহৰ ফলাফল অতি শীঘ্ৰে ঘোষণা কৰা, ভৱিষ্যতৰ পৰীক্ষাবোৰৰ ক্ষেত্ৰত পৰীক্ষা অনুষ্ঠিত হোৱাৰ ৪৫ দিনৰ ভিতৰত শুদ্ধকৈ সকলো ফলাফল দিয়াৰ ব্যৱস্থা কৰা, ফলাফলত অনুপস্থিতি আদি বিসংগতি দূৰ কৰা, পুনৰীক্ষণ প্ৰক্ৰিয়া খৰতকীয়াকৈ সম্পন্ন কৰা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰ্টেল আৰু হেল্প লাইন উন্নত কৰা, পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণ আৰু অন্যান্য আনুসংগিক বিষয়ত আদায় দিব লগা মাচুলৰ পৰিমাণ হ্ৰাস কৰা আৰু বেক থাকিলেও নিম্ন আয়ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীসকলৰ নামভৰ্তি বিনামূলীয়া কৰা আদি দাবী জনাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক এখন স্মাৰকপত্ৰ প্ৰদান কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *