অভিনেতা, প্ৰযোজক সুশান্ত বৰুৱাক গ্ৰেপ্তাৰ পাণবজাৰ আৰক্ষীৰ…

অৱশেষত আৰক্ষীৰ জালত পৰিল অভিনেতা, প্ৰযোজক সুশান্ত বৰুৱা।

গ্ৰাহকৰ পৰা প্ৰৱঞ্চনাৰে ধন আত্মসাতৰ অভিযোগত গ্ৰেপ্তাৰ অভিনেতা সুশান্ত বৰুৱা।

সোমবাৰে পাণবজাৰ আৰক্ষীয়ে বৰুৱাক গ্ৰেপ্তাৰ কৰে।

কেইদিনমান পূৰ্বে বৰুৱাৰ বিৰুদ্ধে ফাঁচীবজাৰৰ কানাড়া বেংকৰ গ্ৰাহকক ঋণ দিয়াৰ নামত ১০ কোটি টকা আত্মসাতৰ অভিযোগ উত্থাপন কৰিছিল ভুক্তভোগী গ্ৰাহকসকলে।

বৰুৱাৰ বিৰুদ্ধে ইতিমধ্যে দুটাকৈ গোচৰ ৰুজু কৰা হৈছিল হাতীগাঁও আৰু পাণবজাৰ থানাত।

যোৱা ৯ ডিচেম্বৰত বৰুৱাক হাতীগাঁও থানাই গ্ৰেপ্তাৰ কৰিছিল আৰু সোমবাৰে পাণবজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

সম্প্ৰতি পাণবজাৰ আৰক্ষীয়ে এই সন্দৰ্ভত বৰুৱাক জেৰা অব্যাহত ৰাখিছে।

উল্লেখ্য, বৰুৱা ‘মিঠা মিঠা লগনত’ নামৰ কথাছবিৰ পৰিচালক-প্ৰযোজক আছিল।

Leave a Comment