এক শোকাৱহ পথ দুৰ্ঘটনা।
দুৰ্ঘটনাত থিতাতে প্ৰাণ হেৰুৱালে এগৰাকী যুৱতীয়ে।
বৰপেটা চহৰৰ সমীপৱৰ্তী বাৰাদিত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।
নিহত যুৱতীগৰাকী পালহাজীৰ দামালঝাৰ গাঁৱৰ চুফিয়া পাৰবীন বুলি জানিব পৰা গৈছে৷

জানিব পৰা মতে, বৰপেটা অভিমুখে আহি থকা অৱস্থাত তীব্ৰ বেগেৰে অহা এ এছ ০১ ই এইচ ৯৯৩০ নম্বৰৰ চুইফট ডিজায়াৰ বাহন স্কুটী খনত খুন্দা মাৰে।

ইয়াৰ ফলত স্কুটীখন সম্পুৰ্ণ ৰূপে ভাঙি যোৱাৰ লগতে গুৰুতৰভাৱে আহত হয় স্কুটী চালক চুফিয়া পাৰবীন নামৰ যুৱতী গৰাকী৷

যুৱতী গৰাকীক ততাতৈয়াকৈ বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নিয়া হয় যদিও মৃত্যু হয় যুৱতীগৰাকীৰ।
একাংশ প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়া মতে চুইফট ডিজায়াৰখনে আগত থকা গাড়ী এখনক অতিক্ৰম কৰিব খুজোতেই স্কুটীখনত খুন্দা মাৰে৷

চুইফট ডিজায়াৰ গাড়ীখনৰ চালকৰ ভুলতে দুৰ্ঘটনাটো সংঘটিত হৈছে বুলি জানিবলৈ দিছে একাংশ প্ৰত্যক্ষ দৰ্শীয়ে৷
লগতে চাওকঃ
শােকাৱহ! জন্মদিন উদযাপনৰ কৰি ওভতাৰ পথত প্ৰাণ গ’ল ৩ বন্ধুৰ, আহত ২









